ওদালগুৰিত নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে আছুৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল

Udalguri-protest-570x320

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বিক্ষোভ- প্ৰতিবাদৰ জুই। সকলোৱে একমুখে ধিক্কাৰ দিছে জাতিধ্বংসী বিধেয়কখনক। ইয়াৰ মাজতে খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি কঠিয়াই অনা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে সোমবাৰে ‘আছু’ৰ নেতৃত্বত ওদালগুৰি জিলাৰ টংলাত বৃহৎ প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ওলাই অহা হাজাৰ হাজাৰ লোকৰ উপস্থিতিত টংলা হাইস্কুল খেলপথাৰৰ পৰা বাহিৰ কৰা প্ৰতিবাদী সমদসটো টংলা চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি বিভিন্ন শ্লোগানেৰে চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে।

ওদালগুৰি আছুৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিবাদী সমদলটোত আবছু, আক্ৰাছু, আৰছু, আগছু, আছা আদি সংগঠনৰ নেতা-কৰ্মীৰ লগতে সদস্যসকলে অংশগ্ৰহণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত আছুৰ সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যই প্ৰতিবাদকাৰীক সম্বোধন কৰি অসমীয়া জাতীয় জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নাগৰিকত্ব বিধেয়কখন অতি শীঘ্ৰে বাতিল কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনায়।

তেওঁ লগতে কয় যে হিন্দুৱে হওক বা মুছলমানেই হওক অসমত ধৰ্মৰ নামত কোনো লোককে এই বিধেয়কখনৰ জৰিয়তে সংস্থাপন দিব নোৱাৰে।

ছাত্ৰ নেতাগৰাকীয়ে লগতে কয় যে অসম ইতিমধ্যে বহুতো বংলাদেশী লোকৰ বোজা বহন কৰি আছে। আৰু এতিয়া অসম চুক্তিৰ ভিত্তিত ১৯৭১ ৰ ২৫ মাৰ্চৰ পাছত অহা কোনো লোককে অসমত সংস্থাপন দিয়া নহ’ব।

আনহাতে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চফিকুল হকেও এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি কোনো কাৰণতেই এই জাতি ধ্বংসী বিধেয়কখন মানি লোৱা নহ’ব বুলি চৰকাৰক সকীয়াই দিয়ে।

দহ হেজাৰৰো অধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা কাৰ্যসূচীত আবছুৰ উপ সভাপতি দীপেন বড়োৱে এই বিধেয়কখনৰ বিৰোধিতা কৰি অসমীয়া ভাষা, জাতি সুৰক্ষাৰ স্বাৰ্থত কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলি মন্তব্য কৰে।

আবছুৰ উপ সভাপতিগৰাকীয়ে জাতি মাটি ভেটি সুৰক্ষাৰ নামত গঠন কৰা বিজেপি চৰকাৰে জাতিটোক সংকটৰ গৰাহত ঠেলি দিয়া এই বিধেয়কখনৰ প্ৰসংগত কিয় নিমাত বুলি প্ৰশ্নও উত্তাপন কৰা দেখা যায়।

ইফালে অসমৰ দল-সংগঠনে এই বিধেয়কৰ বিৰোধিতা কৰি থকাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে এটা ৰাষ্ট্ৰীয় বৈদ্যুতিক সংবাদ মাধ্যমৰ জৰিয়তে এই বিধেয়কখনক সমৰ্থন কৰা কাৰ্যই অসমীয়া জাতিক ভেঙুচালি কৰা বুলিও প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে।

আছুৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীটোত উপস্থিত থকা বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি সকলেও এই বিধেয়কখনৰ বিৰোধিতা কৰি ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়।