ওদালগুৰিত হাতীলৈ বুলি পেলাই থোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মাক-পুতেকৰ কৰুণ মৃত্যু

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ মাজুলীগ্ৰান্তত আজি উচ্চক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মাক-পুতেকে কৰুণ মৃত্যুক সাবটি ল’ব লগা হয়।

উল্লেখযোগ্য যে ওদালগুৰি জিলাৰ পাণ্ডৱ বেহেৰা নামৰ এজন লোকে কঠীয়াতলিত হাতীৰ প্ৰৱেশত বাধা দিবৰ বাবে উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰিছিল। কিন্তু দুৰ্ভাগ্যবশত আজি পুৱা ৭ বজাত গাঁওখনৰে খৰ্গেশ্বৰী কছাৰী(৪৩) নামৰ মহিলাগৰাকী এই বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাবটি লয়। আৰু মাকক বিদ্যুৎস্পৃষ্ট হোৱা দেখি বচাবলৈ যাওঁতে মহিলা গৰাকীৰ পুতেক কানাই কছাৰী (১২)ও বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যুক সাবিট লয়।

ইফালে মাক-পুতেকক বচাবলৈ যাওঁতে বাপেক দেহিৰাম কছাৰীও গুৰুতৰভাৱে আহত হয়।

পিছত হৰিশিঙা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

আনহাতে স্থানীয় একাংশ সচেতন লোকে অভিযোগ উত্থাপন কৰি কয় যে অঞ্চলটোত বহু লোকে চুৰি কৰি বিদ্যুৎ সংযোগ কৰি আহিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষ ইয়াক ৰোধ কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে। ফলত স্থানীয় লোকে এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ লগেত অঞ্চলটোত বহু দিনৰে পৰা চলি থকা হাতী মানুহৰ সংঘাতকো ৰোধ কৰাৰ দাবী জনায়।