• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কঠোৰ স্থিতি লোৱাসকলক শুনানিলৈ নামাতিলে যুটীয়া সংসদীয় কমিটীয়ে : অসমৰ ৰাইজৰ মতামত লোৱাৰ নামত প্ৰহসন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 16, 2018 8:47 pm
Citizenship Amendment Bill, 2016
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাইজৰ ৰঙালীৰ আনন্দৰ মাজতে অসমীয়া জাতিৰ সবল অস্তিত্বৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত, প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা কাইলৈ নতুন দিল্লীত এই বিধেয়কখনৰ বিষয়ে নিৰ্বাচিত মুষ্টিমেয় সংখ্যক অসমীয়া দল-সংগঠনৰ মত লোৱা হ’ব।

পূৰ্বতে বিধেয়কখন সন্দৰ্ভত অসমৰ ৰাইজৰ পৰা মত লোৱা হ’ব বুলি ঘোষণা কৰিছিল যদিও এতিয়া তেওঁলোকৰ ফালৰ পৰা নিৰ্বাচিত মাত্ৰ কেইটামান দল-সংগঠনকহে এই শুনানিত ভাগ ল’বলৈ সুযোগ দিয়া হৈছে। বিধেয়কখন সন্দৰ্ভত অতিকৈ সজাগ অংশটোক তথা দল-সংগঠনবোৰক কৌশলেৰে শুনানিৰ পৰা আঁতৰাই ৰখা হৈছে বুলিও অভিযোগ উঠিছে। তাৰোপৰি প্ৰথমে যুটীয়া সংসদীয় কমিটীয়ে অসমত আহি অসমীয়া মানুহৰ মাজত শুনানি লোৱাৰ কথা আছিল যদিও মূৰকত সেয়াও ষড়যন্ত্ৰমূলকভাৱে বাতিল কৰি নতুন দিল্লীত এই শুনানিৰ আয়োজন কৰে।

উল্লেখযোগ্য যে অসমৰ বাবে জাতীয় সংকট নমাই আনিব পৰা এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসমত বহুকেইটা দল-সংগঠন তথা সচেতন নাগৰিক সমাজ, মঞ্চ আদিয়ে প্ৰতিবাদী স্থিতি গ্ৰহণ কৰি আহিছিল।

কিন্তু যুটীয়া সংসদীয় কমিটীয়ে এই প্ৰতিবাদী দল-সংগঠন, মঞ্চবোৰক কৌশলেৰে আঁতৰাই ৰখা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে শুনানিলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ, আঞ্চলিকতাবাদী অগপকে ধৰি অন্যান্য বহু জাতীয়তাবাদী দল-সংগঠনক।

শুনানিত অংশগ্ৰহণৰ বাবে অমন্ত্ৰণ নজনোৱাৰ বাবে বহুকেইটা দল-সংগঠনৰ নেতৃবৰ্গই ক্ষোভ প্ৰকাশ কৰিছে। নেতৃবৰ্গই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি থকা বাবেই তেওঁলোকক এই শুনানিত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই।

“কাইলৈ অনুষ্ঠিত হ’ব লগীয়া শুনানিৰ বাবে নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চক আমন্ত্ৰণ জনোৱা হোৱা নাই। ২০১৬ চনৰ ছেপ্টেম্বৰ মাহতে নাগৰিক সংশোধনী বিধেয়ক আইনত পৰিণত হ’ব নোৱাৰিব বুলি আমি অসমৰ ৰাজ্যপালৰ জৰিয়তে কেন্দ্ৰীয় গৃহ বিভাগলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিলো। তাৰ পিছত আমি আন্দোলন-প্ৰতিবাদ কৰাৰ উপৰি লোকসভাৰ অধ্যক্ষ তথা যুটীয়া সংসদীয় কমিটীৰ অধ্যক্ষ ত ১০-১২ বাৰকৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিলো।” নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানিলৈ কেইটিমান ঘণ্টামান বাকী থকাৰ মুহূৰ্ততে নৰ্থ ইষ্ট নাওক এই কথা সদৰী কৰে নাগৰিক মঞ্চৰ আহ্বায়ক মনজিৎ মহন্তই।

তেওঁৰ মতে “২০১৭ চনৰ নৱেম্বৰ মাহত যুটীয়া সংসদীয় কমিটী অসমলৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰথমবাৰ ২০-২১ ফেব্ৰুৱাৰিত শুনানি অনুষ্ঠিত কৰাৰ কথা কৈছিল। কিন্তু পুনৰ সেই তাৰিখ পিছুৱাই ১২ এপ্ৰিলত শুনানিৰ দিন ধাৰ্য্য কৰিছিল যদিও কিছু অজুহাত দেখুৱাই পুনৰ ১৭ এপ্ৰিলত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’লে। কিন্তু আমাক এই শুনানিলৈ আমন্ত্ৰণ নজনালে।”

নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চত বহুতো জ্যেষ্ঠ ব্যক্তি থকা সত্ত্বেও এই শুনানিৰ বৈঠকত মঞ্চক আমন্ত্ৰণ নজনোৱাত দুখ প্ৰকাশ কৰি মহন্তই কয়, “নাগৰিক মঞ্চত ড০ হীৰেন গোহাঁইকে ধৰি প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকা, প্ৰাক্তন মুখ্য সচিব হৰেন দাস, বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ দীনেশ বৈশ্য, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী, ড০ দিলীপ বৰা আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি থকাৰ পিছতো তেওঁলোকে মঞ্চক শুনানিত ভাগ ল’বৰ বাবে আমন্ত্ৰণ নজনালে।”

আনহাতে নাগৰিত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে অসমত হ’ব পৰা ক্ষতিৰ ঐতিহাসিক, বৌদ্ধিক দিশটো স্মাৰক পত্ৰত উল্লেখ কৰি দিয়াৰ পিছতো যুটীয়য়া সংসদীয় পৰিষদে গুৰুত্ব আৰোপ নকৰিলে। লগতে তেওঁলোকক এই শুনানিলৈ আমন্ত্ৰণ কৰিলে বিৰোধিতা কৰিব পাৰে বুলি আমন্ত্ৰণ কৰা নহ’ল বুলি এক গুৰুত্বৰ অভিযোগ তোলে।

তাৎপৰ্য্যপূৰ্ণভাৱে যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালে কিছুদিন আগতে কৰা মন্তব্যৰ বিৰোধিতা কৰে মনজিৎ মহন্তই।

তেওঁৰ মতে, ‘লোকসভাৰ সাংসদ হিচাপে তেওঁ ‘পাকিস্তান আৰু বাংলাদেশ ধৰ্মভিত্তিক বিভাজন হৈছিল যদি ভাৰতবৰ্ষলৈ হিন্দু নাগৰিকখিনি কিয় আহিব নোৱাৰে’ বুলি ব্যক্তিগতভাৱে ক’ব পাৰে, কিন্তু যুটীয়া সংসদীয়া কমিটিৰ গুৰু দ্বায়িত্বত থাকিও এই মন্তব্য প্ৰদান কৰাটো লজ্জাজনক। গতিকে একপক্ষীয়ভাৱে মন্তব্য দিয়া এইগৰাকী লোক অধ্যক্ষ পদত থকাৰ পিছত নিৰপেক্ষ ফলাফল লাভ কৰাৰ ধাৰণাটো ভুল হ’ব। তেওঁ হিন্দু বাংলাদেশী অনাৰ পক্ষতে সিদ্ধান্ত দিব।”

আনহাতে এই সম্পৰ্কে আঞ্চলিকতা অসম গণ পৰিষদৰ সভাপতি সুনীল ৰাজকোঁৱৰৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়,‘আমাক নাগৰিকত্ব সংশোধনী বিধেয়কৰ  শুনানিৰ বাবে আমন্ত্ৰণ কৰা হোৱা নাই। অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি অনুষ্ঠিত নকৰাটো বিজেপি দলৰ অসমৰ জনসাধাৰণৰ প্ৰতি কৰা এক প্ৰৱঞ্চনা। লগতে শুনানি অসমতেই হওক নাইবা দিল্লীতেই হওক কোনো কথা নাই, কিন্তু বিধেয়কখনৰ সংশোধনীৰ কথাই আহি নপৰে। বিজেপি চৰকাৰে সংবিধান বিৰোধী কাম কৰিছে। বিজেপি দলে আমাক আমন্ত্ৰণ জনালেও বা আমি সেই আলোচনাত অংশ ল’লেও তেওঁলোকে আমাৰ কথাবোৰ নুশুনে।”

তদুপৰি তেওঁ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব খোজা চেষ্টাক গণতন্ত্ৰৰ প্ৰতি এক প্ৰহসন আখ্যা দিয়ে আৰু উল্লেখ কৰে যে মুষ্টিমেয় দল-সংগঠনক শুনানিলৈ আমন্ত্ৰণ জনাই  ৰাইজৰ মত লোৱা বুলি দেখুৱাই জনসাধাৰণক আভুৱা ভাঁৰা প্ৰক্ৰিয়া তথা অসমৰ ৰাইজক কৰা এক বিশ্বাসঘাতকতা।

“বিজেপি চৰকাৰ একনায়কত্ববাদী, তেওঁলোকে গণতন্ত্ৰ আৰু ধৰ্ম নিৰপেক্ষতা শব্দটো ইতিমধ্যে বিসৰ্জন দিছে। যিখন সংবিধানক লৈ শপত গ্ৰহণ কৰিছিল, সেই সংবিধান ৰক্ষা নকৰি ইয়াৰ বিৰুদ্ধেহে পদক্ষেপবোৰ লৈ আছে। অসম চুক্তিখন তেওঁলোকৰ বাবে গৌণ। এইখনক অৱমাননা কৰি কাম কৰি যোৱাটোৱেই অসমীয়া বৃহত্তৰ জাতিটোৰ বাবে প্ৰহসন হৈ পৰিছে।” এনেদৰে কয় ৰাজকোঁৱৰে।

আনহাতে, ৰাজকোঁৱৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি কয়, “বিজেপি চৰকাৰে এতিয়া কৰা বিৰুদ্ধাচৰণৰ সকীয়নি দুবছৰ পূৰ্বেই দিছিলো। বিজেপি চৰকাৰ শাসনলৈ আহিলে কেনেকুৱা ধৰণৰ অৱস্থাৰ সৃষ্টি হ’ব পাৰে সেই বিষয়ক প্ৰচাৰ পত্ৰিকা প্ৰদান কৰিছিলো। আনকি ১৫ বছৰ অগপ দলত থাকিও বিজেপিৰ সৈতে মিত্ৰতা  কৰাৰ বাবে ডাঙৰ বিষয়বাবো এৰি অগপ ত্যাগ কৰিছিলো। নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হ’লে আমি অসমৰ ৰাইজক লৈ জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিম। মাতৃভূমিৰ ক্ষতি হোৱা কাম কৰিলে নীৰব হৈ কেতিয়াও বহি নাথাকো।”

আনহাতে, এই ক্ষেত্ৰত মন্ত্ৰী অতুল বৰাৰ স্থিতি সন্দৰ্ভত ৰাজকোঁৱৰে আমাৰ সাংবাদিকক কয়, “অতুল বৰাই ইতিমধ্যে বিজেপি-আৰ এছ এছে কৰা মন্তব্য তথা বিধানসভাৰ অধিৱেশনত কৰা বিজেপিৰ মন্ত্ৰীসকলে কৰা বক্তব্য মূৰ দুপিয়াই সমৰ্থন জনোৱা আমি দেখিছো। লগতে সংবাদ মাধ্যমৰ সন্মুখত চৰকাৰে কৰা কাম-কাজ খুব ভাল হোৱা বুলি প্ৰশংসা কৰে। তেওঁ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠিৰ দৰে। গতিকে জনসাধাৰণক দেখুৱাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলেও ভিতৰি বিজেপি চৰকাৰৰ সৈতে একমত যেনেই অনুভৱ হয়।”

আনহাতে শুনানিৰ দিনটোতে কৃষক মুক্তি সংগ্ৰাম সমিতিক শুনানিলৈ আমন্ত্ৰণ নজনোৱা বাবে সংগঠনটোৱে ৰাজ্যৰ জিলাসদৰসমূহত ক’লা পতাকা উত্তোলন কৰিব বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে কাইলৈ দিল্লীত অনুষ্ঠিত হ’বলগীয়া শুনানিলৈ অসমৰ পৰা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম গৰীয়া-মৰীয়া জাতি পৰিষদ, সদৌ অসম কাৰ্বি ছাত্ৰ সংগঠন, সদৌ অসম তিৱা সন্মিলন, সদৌ অসম ট্ৰাইবেল সংঘ, অল আছাম ট্ৰাইবেল লীগ, দেউৰী ছাত্ৰ সন্থা আৰু পশ্চিমবংগৰ বিজেপি শৰণাৰ্থী কোষক আমন্ত্ৰণ জনোৱা হৈছে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd