• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কমনৱেল্‌থ গেইমছ : ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে অসম জীয়াৰী হিমা দাস ফাইনেলত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2018 5:58 pm
Hima Das
116
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ গ’ল্ড কষ্টত চলি থকা ২১ সংখ্যক কমনৱেল্থ গেমছত আজি মহিলাৰ দৌৰৰ ৪০০ মিটাৰ শাখাত অসমৰ হিমা দাসে ফাইনেলত প্ৰৱেশ কৰি অসমলৈ এক প্ৰকাৰৰ অভূতপূৰ্ব গৌৰৱ কঢ়িয়াই আনিছে।

আজি এই শাখাৰ প্ৰথমখন ছেমিফাইনেলত হিমাই নিজৰ দৌৰ সম্পূৰ্ণ কৰিবলৈ সময় লয় মাত্ৰ ৫১.৫৩ ছেকেণ্ড, যিটো তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ। হিমাই ৮ গৰাকী প্ৰতিযোগীৰ ভিতৰত তৃতীয় স্থান লৈ ফাইনেলত প্ৰৱেশ কৰে। প্ৰথম আৰু দ্বিতীয় স্থানৰ প্ৰতিযোগীকেইগৰাকীয়ে সময় লৈছিল ক্ৰমে ৫১.০৮ আৰু ৫১.২৬ ছেকেণ্ড।

নগাওঁ জিলাৰ ১৮ বছৰীয়া এই উদীয়মান আৰু এথলেটিক গঠন থকা হিমাৰ এই বিৰল কৃতিত্বত সমগ্ৰ ৰাজ্যবাসী উৎফুল্ল হৈ পৰিছে। সচৰাচৰ উত্তৰ-পূবত দৌৰৰ ক্ষেত্ৰত প্ৰতিভাৰ অভাৱ দেখা যায় যদিও এতিয়া হিমাই এই ইতিহাস নতুনকৈ লিখাৰ পথত।

মন কৰিব লগীয়া যে হিমাই এই বছৰ পাঞ্জাবৰ পাটিয়ালত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফেডাৰেশ্যন কাপ এথলেটিকছত ৪০০ মিটাৰ আৰু ২০০ মিটাৰত স্বৰ্ণ পদক অৰ্জন কৰি সমগ্ৰ দেশৰে দৃষ্টি কাঢ়িছিল। তাৰ পিছতেই তেওঁ কমনৱেলথ গেইমছ অভিমুখী ভাৰতীয় দললৈ নিৰ্বাচিত হৈছিল।

হিমাই কাইলৈ এখন বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ প্ৰথমখন ফাইনেল খেলিব, যিটোৱে সমগ্ৰ উত্তৰ-পূববাসীক গৌৰৱিত কৰিব।

উল্লেখযোগ্য যে ছেমি ফাইনেলত প্ৰথম দুটা স্থান দখল কৰা প্ৰতিযোগীয়ে ফাইনেললৈ যোগ্যতা আহৰণ কৰাৰ লগতে এই স্থানপ্ৰাপ্তসকলৰ বাদে আনবোৰ ছেমি ফাইনেলিষ্টৰ মাজৰ দ্ৰুততম দুগৰাকী প্ৰতিযোগীয়েও ফাইনেল খেলাৰ বাবে যোগ্যতা আহৰণ কৰে। সেই সূত্ৰেই তৃতীয় স্থানত থাকিলেও হিমাই ফাইনেললৈ অগ্ৰগতি পাইছে।

Recent News

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd