কলিয়াবৰৰ জখলাবন্ধাত এম ভি আইৰ অভিযানত অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়নবিহীন বহু সংখ্যক টেম্পো জব্দ

টেম্পো

আজি(বৃহস্পতিবাৰ) দিনৰ ১০.৩০ বজাৰ পৰা বিয়লি প্ৰায় ২ বজালৈ নগাঁৱৰ এম ভি আইৰ এটা দলে জখলাবন্ধা হস্পিতাল চাৰিআলিত অভিযান চলাই ১০ খনকৈ ডিজেল চালিত টেম্পো জব্দ কৰে।

অনুজ্ঞাপত্ৰ নোহোৱাকৈ উক্ত গাড়ী সমূহ চলাই থকাৰ অপৰাধতে আজি টেম্পো সমূহ জব্দ কৰি জখলাবন্ধা আৰক্ষীৰ সহযোগত জখলাবন্ধা থানা চৌহদত ৰখাৰ ব্যৱস্থা কৰিছে।

তাৰোপৰি এম ভি আইৰ দলটোৱে বাইক, স্কুটি আদিৰো নথি-পত্ৰ পৰীক্ষা কৰাৰ লগতে হেলমেট নিপিন্ধা লোকৰ বিৰুদ্ধে জৰিমনা বিহে।

আনহাতে অভিযান কালত  জব্দকৃত টেম্পোৰ ভিতৰত দুখন টেম্পো সম্পূৰ্ণৰূপে বন্ধ কৰে বুলি এম ভি আইৰ সূত্ৰ পৰা জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বহু বছৰ ধৰি ম্যাদ ওকলি যোৱাৰ পাছতো অনুজ্ঞাপত্ৰ নোহোৱাকৈ গাড়ী চলোৱা তথা পঞ্জীয়ন বিহীনভাৱে গাড়ী চলোৱাৰ অপৰাধত টেম্পো দুখন সম্পূৰ্ণ জব্দ কৰা বুলি জানিব পৰা গৈছে।

এম ভি আইৰ অভিযানত মুঠ ৬,৫০০ টকাৰ জৰিমনা আদায় লাভ কৰে বুলি এম ভি আইৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে কলিয়াবৰত এই দৰে অনুজ্ঞাপত্ৰ বিহীন ভাবে নিজৰ মই মতালিত চলি থকা যান বাহনৰ বিৰুদ্ধে অনতিপলমে প্ৰশাসনিক ভাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি  এম ভি আইৰ দলটোৱে জানিবলৈ দিয়ে।

আজিৰ এই অভিযান কালত কলিয়াবৰ মহকুমাৰ দণ্ডাধীশ ৰিংসাং মোচাহাৰীয়ে এম ভি আইৰ দলটোক সংগ দিয়ে। লগতে এই টেম্পো বিলাকৰ মই মতালিৰ বাবে বিভিন্ন সময়ত জীয়াতো ভূগি অহা কলিয়াবৰৰ ৰাইজে এই অভিযানক আদৰনি জনাইছে।