কাগজ কল সুৰক্ষা মঞ্চৰ উদ্যোগত ২১ এপ্ৰিলত নাগৰিক সভা

Nagaon-Paper-Mill-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

মৰিগাঁও জিলাৰ জাগীৰোডত অৱস্থিত হিন্দুস্তান কাগজ নিগমৰ নগাঁও কাগজ কলটোৰ লগতে কাছাৰ কাগজ কলটো ৰাজহুৱা খণ্ডৰ উদ্যোগ নীতিৰে শীঘ্ৰে কাৰ্যক্ষম কৰিবলৈ দাবী জনাইছে কাগজ কল সুৰক্ষা মঞ্চই।

ৰাজ্যখনৰ বহুকেইটা দল সংগঠনৰ প্ৰতিনিধিত্বৰে গঠিত কাগজ কল সুৰক্ষা মঞ্চই বৃহস্পতিবাৰে জাগীৰোডত অনুষ্ঠিত কৰা এখন সংবাদমেলত সংগঠনটোৰ বিষয়ববীয়াসকলে অভিযোগ কৰে যে এছিয়া মহাদেশৰ ভিতৰতে সৰ্ববৃহৎ নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যচৰকাৰৰ সদিচ্ছা নাই।

বিজেপি চৰকাৰ দুখনে অসমৰ দল সংগঠনসমূহৰ প্ৰতিবাদক আওকাণ কৰি পুঁজিপতি বণিয়াৰ হাতত গতাই দিবলৈ একপ্ৰকাৰ সিদ্ধান্ত গ্ৰহণ কৰি  নিবিদা আহ্বানৰ  প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি কাগজ কল সুৰক্ষা মঞ্চই অভিযোগ কৰে।

চৰকাৰে অতি সংগোপনে নগাঁও আৰু কাছাৰ কাগজ কলত কৰ্মৰত ঠিকাভিত্তিক শ্ৰমিকসকলক কামৰ পৰা ক্ৰমে অব্যাহতি দিয়াৰো অভিযোগ তুলিছে সুৰক্ষা মঞ্চই।

কাগজ কলৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত এই  ঠিকাভিত্তিক শ্ৰমিকসকলক কাগজ কলৰ পৰা  অব্যাহতি দি চৰকাৰে তেওঁলোকৰ মানৱ অধিকাৰ খৰ্ব কৰিছে বুলি সুৰক্ষা মঞ্চই অভিযোগ কৰে।

সংবাদ মেলত মঞ্চই এই শ্ৰমিকসকলক পুনৰ কাগজ কলৰ কামত নিয়োজিত কৰাৰ লগতে কলটোৰ কৰ্মচাৰীসকলৰ বাকী ১৩ মাহৰ দৰমহা আদায় দি কাগজ কল দুটা ৰাজহুৱা খণ্ডৰ উদ্যোগ নীতিৰে শীঘ্ৰে কাৰ্যক্ষম কৰিবলৈ দাবী জনায়।

আনহাতে, উক্ত দাবীৰ সমৰ্থনত ২১ এপ্ৰিলৰ দিনৰ ১১ বজাত জাগীৰোডতএখন নাগৰিক সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথাও মঞ্চই সংবাদমেলত ঘোষণা কৰে।

বৃহস্পতিবাৰে অনুষ্ঠিত কৰা এই সংবাদমেলত কাগজ কল সুৰক্ষা মঞ্চৰ মুখ্য আহ্বায়কদ্বয় ক্ৰমে অতনু কুমাৰ শৰ্মা, অৱন্তি কুমাৰ বৰা আৰু আহ্বায়ক ক্ৰমে বৃহত্তৰ জাগীৰোড উন্নয়ন সমিতিৰ সভাপতি জিতেন্দ্ৰ কুমাৰ ডেকা, নগাঁও কাগজ কল কৰ্মী ইউনিয়নৰ সভাপতি ধীৰেন বৰা আৰু সম্পাদক আনন্দ বৰদলৈৰ লগতে বহুকেইটা সংগঠনৰ নেতা উপস্থিত থাকে।