কাজিৰঙাত বন বিভাগ আৰু বিশ্ব প্ৰকৃতি নিধিৰ উদ্যোগত বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন

kaziranga

বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতে আজি অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বিশ্ব প্ৰকৃতি নিধিৰ যৌথ উদ্যোগত কাজিৰঙাতো বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন কৰা হয় ৷

কাজিৰঙাৰ পানবাৰী সংৰক্ষিত বনাঞ্চলত আজি পুৱা কৰিডৰ ৱাকেৰে এই দিৱস পালন কৰা হয় ৷

পানবাৰী এনিমেল কৰিডৰত আয়োজিত এই বিশেষ ট্ৰেকিংত বোকাখাতৰ চি এন বি মহাবিদ্যালয় আৰু জে ডি এছ জি মহাবিদ্যালয়ৰ উপৰিও কাষৰীয় অঞ্চলৰ প্ৰায় ৩০ গৰাকী ছাত্ৰ ই অংশগ্ৰহণ কৰে ৷

বৰষুণৰ মাজেৰেই পানবাৰী খণ্ড বন কাৰ্যালয়ৰ পৰা বনাঞ্চলৰ মাজেদি যাত্ৰা কৰি ট্ৰেকিঙৰ দলটো পানবাৰীৰ মদাৰজুৰি বন শিৱিৰত উপস্থিত হয় ৷

ট্ৰেকিঙত কৰবেট ফাউণ্ডেচনৰ ডাঃ নবীন পাণ্ডে,  মনোজ গগৈ,  কাজিৰঙাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া,  কাজিৰঙাৰ সাংবাদিক স্বপন নাথ, বিশ্ব প্ৰকৃতি নিধিৰ সৃষ্টি কোচাৰ,  চাৰকাম ৰংফাৰ আৰু জয়ন্ত ডেকাৰ উপৰিও অভিজ্ঞ বনকৰ্মী মিন্টু নাথে সমল ব্যক্তি হিচাবে অংশ গ্ৰহন কৰে ৷

মদাৰজুৰি বন শিৱিৰত অনুষ্ঠিত সামৰণী অনুষ্ঠানত অংশ গ্ৰহণ কৰি পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই বিশ্ব বন্যপ্ৰাণী দিৱসৰ তাৎপৰ্য আৰু পানবাৰী এনিমেল কৰিডৰৰ গুৰুত্বৰ বিষয়ে  ছাত্ৰ সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে পৰৱৰ্তী সময়তো বন আৰু প্ৰকৃতি সংৰংক্ষণৰ বাবে এনে শিৱিৰ  অনুষ্ঠিত কৰিবৰ বাবে সকলোকে আহ্বান জনায় ৷

অনুষ্ঠানৰ শেষত বিশ্ব বন্যপ্ৰাণী দিৱসৰ আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে বিশ্ব প্ৰকৃতি নিধিৰ সৃষ্টি কোচাৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷