কাজিৰঙাৰ বাগৰি ৰেঞ্জত পুনৰ চোৰাং চিকাৰীৰ গঁড় হত্যা

প্রতিনিধিত্বমূলক ফটো{

গঁড়হত্যা ৰোধত ৰাজ্যৰ বন বিভাগ যোৱা এক-ডেৰ বছৰত উল্লেখযোগ্যভাৱে সফল হ’লেও এতিয়াও বন বিভাগৰ অসতৰ্কতাৰ সুযোগ লৈ ছেগা-চোৰোকাকৈ চলি আছে চোৰাং চিকাৰীৰ কূটাঘাত। যোৱা নিশা কাজিৰঙাৰ বাগৰি ৰেঞ্জৰ ডাফলাং ফৰেষ্ট কেম্পৰ ওচৰতে পুনৰ চোৰাং চিকাৰীয়ে এটা গঁড় হত্যা কৰে। অৱশ্যে বনকৰ্মীৰ উপস্থিতিৰ বাবে চোৰাং চিকাৰীয়ে গঁড়টোৰ খৰ্গ কাটি নিব নোৱাৰিলে।

বন বিভাগৰ সূত্ৰই জনোৱামতে নিশা গুলীৰ শব্দ শুনি বনকৰ্মী ঘটনাস্থলীত উপস্থিত হয়। বনকৰ্মীৰ উপস্থিতিৰ উমান পাই আন্ধাৰ আৰু ঘন অৰণ্যৰ সুযোগ লৈ চোৰাং চিকাৰীকেইজন পলাই যাবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে নতুন বছৰটোত গঁড়হত্যাৰ এইটোৱে প্ৰথম ঘটনা। চোৰাং চিকাৰীয়ে থ্ৰী নট থ্ৰী ৰাইফল ব্যৱহাৰ কৰা বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে। লগতে চোৰাং চিকাৰী বৰ্তমানেও ওচৰতে ঘন অৰণ্যত চোপ পাতি আছে বুলি সন্দেহ কৰিছে বনকৰ্মীসকলে।