কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত আজিৰ পৰা আৰম্ভ এক ব্যতিক্ৰমী প্ৰকৃতি শিৱিৰ

Nature camp at Kaziranga

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এক ব্যতিক্ৰমী প্ৰকৃতি শিৱিৰ ৷ কাজিৰঙাৰ কাষৰীয় গাওঁবোৰৰ পৰা অহা নিৰ্বাচিত ৪৭ জন ছাত্ৰ-ছাত্ৰীয়ে এই শিৱিৰত অংশগ্ৰহন কৰিছে।

২০০৭ চনৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা ‘নেচাৰ অৰিয়েন্টেচন ইনিটিয়েটিভ’ নামৰ ১১ সংখ্যক শিৱিৰৰ আজি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ভাৰতবৰ্ষৰ আগশাৰীৰ জীৱ বিজ্ঞানী জন সিং, ডি এফ অ ৰোহিনী শইকীয়া, কাজিৰঙাৰ উপ সংৰক্ষক মুকুট দাস, সহকাৰী বন সংৰক্ষক ভাস্কৰ জ্যোতি বুঢ়াগোহাঁই, বিশ্ব বন্যপ্ৰাণী নিধিৰ জেষ্ঠ সমন্বয়ক ড০ প্ৰনৱ জ্যোতি বৰা, কৰবেট ফাউণ্ডেচনৰ উপ সঞ্চালক ডা০ নৱীন পাণ্ডে আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ পৰিচালক ডা০ পানজিত বসুমতাৰী উপস্থিত থাকে ৷

উদ্বোধনী অনুষ্ঠানতে ডি এফ অ ৰোহিনী বল্লভ শইকীয়াই উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা কাজিৰঙা ডায়েৰি নামৰ এখন সচিত্ৰ পুথি উদ্বোধন কৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ দ্বাৰা প্ৰথমবাৰৰ বাবে প্ৰকাশিত এই সচিত্ৰ পুথিখন প্ৰকৃতি শিৱিৰটোত অংশগ্ৰহন কৰা প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হয় ৷

দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধি, আৰণ্যক, ভূমি, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু কৰবেট ফাউণ্ডেচনৰ যৌথ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আয়োজন কৰা এই প্ৰকৃতি শিৱিৰ অহা ১৮ মে’ লৈকে চলিব ৷

এই শিৱিৰত ছাত্ৰ-ছাত্ৰীক বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বিভিন্ন দিশৰ লগতে বিভিন্ন সংৰক্ষণ ধেমালীৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেখুৱাৰ ব্যৱস্থা কৰা হব বুলি উদ্যোগতা সকলে জনাইছে ৷

প্ৰকৃতি শিৱিৰৰ প্ৰথম দিনাৰ কাৰ্যসুচীত কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, হেৰিটেজ হিৰো বঁটা প্ৰাপ্ত ড০ বিভুতি লহকৰ, কাজিৰঙাৰ সাংবাদিক স্বপন নাথ আৰু আৰণ্যকৰ আৰিফ হোছেইনে সমল ব্যক্তি হিচাবে ছাত্ৰ ছাত্ৰীৰ লগত মতবিনিময় কৰে ৷