• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কামাখ্যাত অম্বুবাচী : আয়োজনৰ সবিশেষ জনালে পৰ্য্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 19, 2018 11:16 pm
Kamrup district administration gears up for Kamakhya Ambubachi mela

অম্বুবাচীৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম পৰ্য্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই আজি ১৯ জুনত পল্টনবজাৰস্থিত পৰ্য্যটন ভৱনত এক সংবাদমেলত অহা ২২ জুনৰ পৰা আৰম্ভ হ’ব লগা অম্বুবাচী মেলাৰ আয়োজন সম্পৰ্কে অৱগত কৰে।

মুখ্য মন্ত্ৰীয়ে অম্বুবাচী মেলাৰ  শুভাৰম্ভণি কৰিব বুলি সংবাদমেলত মত প্ৰকাশ কৰি জয়ন্ত মল্ল বৰুৱাই লগতে কয়  উক্ত উদ্বোধনী অনুষ্ঠান অহা ২১ জুনত অনুষ্ঠিত হ’ব। স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, পৰ্য্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম উপস্থিত থকাৰ লগতে ভাৰতবৰ্ষ তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্ধ শতাধিক ধৰ্মগুৰু উপস্থিত থাকিব।

সৰ্বভাৰতীয় আখৰা পৰিষদৰ অধ্যক্ষ নৰেন্দ্ৰ গিৰি, মহা মন্ত্ৰী হৰি গিৰিকে ধৰি ১৫ গৰাকী বিশিষ্ট ধৰ্মগুৰু আৰু ৰাজ্যৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকল উপস্থিত থাকিব বুলিও তেওঁ সংবাদমেলত কয়।

‘ভাৰত তথা উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় গুৰুসকলক উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাটো  গুৰুত্বপূৰ্ণ বুলি ভবা হৈছে’ বুলি সদৰী কৰি তেওঁ লগতে কয় ‘ডকমকা কাণ্ড আৰু শ্বিলং কাণ্ডৰ পিছত পৰ্য্যটন ক্ষেত্ৰসমূহৰ যথেষ্ট ক্ষতি সাধন কৰিব পাৰে বুলি শংকা আছিল, এই ক্ষতি সম্পূৰ্ণৰূপ নিৰ্মূল কৰিবৰ উদ্দেশ্যে তথা কামাখ্যা ধামৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে শুভাৰম্ভণি কাৰ্য্যসূচী এনেধৰণে অনুষ্ঠিত কৰা হৈছে।‘

শুভাৰম্ভণি কাৰ্য্যসূচী সোণাৰাম খেলপথাৰত অনুষ্ঠিত হ’ব বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে। তেওঁ লগতে কয় ’২২ জুনৰ দিনা পুৱাৰ ভাগত চক্ৰেশ্বৰ দেৱালয়ত অৰ্ধশতাধিক ধৰ্মগুৰুৰ এখন ধৰ্ম আলোচনা সভা অনুষ্ঠিত হ’ব। কামাখ্যা দেৱালয়ৰ মাহাত্ম্য তথা আধ্যাত্মিক দিশৰ আলোচনা হ’ব।‘

শুভাৰম্ভণি কাৰ্য্যসূচীৰ পিছতে অৰ্থাৎ প্ৰতিদিনে তিনি ঘন্টাকৈ ৭ দিনীয়াভাৱে সোণাৰাম খেলপথাৰত দৈৱকী নন্দন ঠাকুৰে ভাগৱত পাঠ কৰিব আৰু ভাগৱত পাঠৰ পিছত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব, য’ত বিহু নৃত্য, বড়ো-কাৰ্বিকে ধৰি বিভিন্ন জনগোষ্ঠীয় নৃত্য অনুষ্ঠিত হ’ব।

‘প্ৰযুক্তিগতভাৱে হ’ব ভক্তৰ সংখ্যা গণনা।‘ এনেদৰে মত প্ৰকাশ কৰি তেওঁ লগতে কয়  ‘লেজাৰ কেমেৰাৰে সৈতে কৰা হ’ব ভক্তৰ গণনা। বিভিন্ন স্থানত প্ৰায় ১০ টা লেজাৰ কেমেৰা স্থাপন  কৰা হ’ব আৰু এই কেমেৰাৰ তলেৰে ভক্ত গ’লে গণনা হৈ থাকিব। kamakhyatourism.com ৱে’বচাইটত কোনখন গে’টেৰে কিমান মানুহ সোমাইছে সেই সংখ্যাটো গণনা হৈ থাকিব।‘

আনহাতে, শিবিৰত থকা ভক্তসকলৰ কোন ৰাজ্যৰ পৰা আহিছে তথা সম্পূৰ্ণ ঠিকনা সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হ’ব, লগতে ভক্তসকলৰ নাম পঞ্জীয়ন কৰাৰো ব্যৱস্থা কৰা হ’ব বুলি তেওঁ জনায়।

উল্লেখ্য যে এইবছৰ ১ লাখতকৈও অধিক ভক্তক সেৱা-শুশ্ৰষা কৰাৰ উদ্দেশ্যে ৫ টা শিবিৰ নিৰ্মাণ কৰা হৈছে বুলি সংবাদ মেলত তেওঁ কয়।

‘ফাঁচীবজাৰস্থিত পুৰণা জেলত আটাইতকৈ ডাঙৰ শিবিৰটো নিৰ্মাণ কৰাৰ লগতে বাকীকেইটা শিবিৰ কামাখ্যা ৰেইলৱে ষ্টেচন, পাণ্ডু ৰেইলৱে ষ্টেচন, বৰিপাৰা তৰুণ সংঘৰ খেলপথাৰ, কামাখ্যা মন্দিৰৰ সমীপত নাহৰবাৰীত নিৰ্মাণ কৰা হৈছে।‘ জয়ন্ত মল্ল বৰুৱাই সংবাদমেলত জানিবলৈ দিয়ে।

তদুপৰি ভক্তৰ মাজত বিতৰণ কৰিবলগীয়া খাদ্যসমূহ পৰীক্ষকৰ দ্বাৰা পৰীক্ষা কৰি বিতৰণ কৰা হ’ব বুলি তেওঁ উক্ত সংবাদমেলত জনোৱাৰ উপৰিও  কয়  ‘শিবিৰৰ বাহিৰে অন্য স্থানত কোনোধৰণৰ খাদ্য যোগান ধৰা নহ’ব। কোনো লোকে খাদ্য বিতৰণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে শিবিৰতে বিতৰণ কৰিব লাগিব, অন্য স্থানত বিতৰণ কৰিবলৈ দিয়া নহ’ব। অন্য স্থানসমূহত পানী বিতৰণ কৰিব পাৰিব।‘

ভক্তসকলৰ বাবে সীমিত বাহনৰ ব্যৱস্থা কৰা হৈছে যদিও সকলোকে গাড়ীত নিয়াতো সম্ভৱ নহয়, সেয়েহে সকলো ভক্তকে খোজ কাঢ়ি যাবৰ বাবে আহ্বান জনায় পৰ্য্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

তেওঁ লগতে কয় যে কামাখ্যা ধামলৈ যোৱাৰ বাবে প্ৰতিবন্ধী লোকসকলৰ বাবে কিছুসংখ্যক ফেৰী গাড়ীৰ ব্যৱস্থা থাকিব।

ইয়াৰোপৰি কামাখ্যালৈ উঠি যোৱা পথছোৱাৰ ৮ টা স্থানত কেম্প নিৰ্মাণ কৰি দিয়া হৈছে, য’ত খোজ কাঢ়ি যোৱা ভক্তসকলে জিৰণি ল’ব পাৰিব বুলিও তেওঁ সংবাদমেলত জনায়।

উল্লেখ্য যে, অম্বুবাচী মেলা চলি থকা দিনকেইটাত নিশা ১২ বজাৰ পৰা পুৱা ৫ বজালৈকে কামাখ্যা ধামলৈ যোৱাটো বন্ধ থাকিব। সেই সময়ছোৱাত জিএমচি কৰ্মচাৰীসকলে তথা তাত চাফাই কামত নিয়োজিত থকাসকলে পথচোৱা চাফ-চিকুণ কৰিব বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd