কাম্বু আদৰ্শ গাঁৱৰ আধাৰশিলা স্থাপন ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ সংসদীয় সচিব কাৰবাকৰ

Foundation laid

অৰুণাচলৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা দপ্তৰৰ সংসদীয় সচিব নিয়ামাৰ কাৰবাকে কাম্বু আদৰ্শ গাঁৱৰ আধাৰশিলা স্থাপন কৰে। এই আদৰ্শ গাঁওখন মুখ্য মন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ (Chief Minister’s Adarsh Gram Yojana) অন্তৰ্গত নিৰ্মাণ কৰা হ’ব। কাম্বু গাঁওখন অৰুণাচলৰ পশ্চিম ছিয়াং জিলাৰ ভিতৰুৱা। কাম্বু গাঁও ২৭ লিৰোমোবা বিধানসভা অনুসূচিত জনজাতি সমষ্টিৰ অন্তৰ্গত আটাইতকৈ পুৰণা গাঁও আৰু ইয়াৰ জনসংখ্যা ৬০০ৰো অধিক।

আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত সমৱেত হোৱা পি আৰ আই, গাঁওবুঢ়া, আৰু স্থানীয় বাসিন্দাসকলক সম্বোধন কৰি কাৰবাকে কয় যে কাম্বুক এখন আদৰ্শ গাঁওলৈ পৰিৱৰ্তন কৰা হ’ব। ইয়াত চৌব্বিশ ঘণ্টাই পাইপেৰে খোৱা পানী যোগান ধৰা আৰু সকলো সময়তে বিজুলী অব্যাহত ৰখা, প্ৰাথমিক বিদ্যালয়, প্ৰাথমিক স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি, আভ্যন্তৰিণ পথ, নিয়োগ সৃষ্টিৰ সুযোগ আৰু মুকলিত শৌচ-প্ৰস্ৰাৱ বিহীন স্থান হিচাপে গঢ়ি তোলা হ’ব।

কাৰবাকে কয় যে এই সমষ্টিটোত উন্নয়নৰ সকলো কাম পৰ্যায়ক্ৰমে হাতত লোৱা হ’ব। কাৰবাকে আশ্বাস প্ৰদান কৰিছে যে ২৭ লিৰোমোবা বিধানসভা অনুসূচিত জনজাতি সমষ্টিৰ অন্তৰ্গত সকলো গাঁৱকেই তেওঁ আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিব।

তেওঁ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে কল্পনা কৰা যথাৰ্থ আদৰ্শ গাঁৱৰ মৰ্যাদাৰ লক্ষ্যত উপনীত হ’বলৈ সকলো স্থানীয় বাসিন্দাকেই চাফ-চিকুণতা বজাই ৰাখি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

মুখ্য মন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অন্তৰ্গত প্ৰতিখন বিধানসভা সমষ্টিৰ মুঠ ৬০খন গাঁওক প্ৰথমতে আদৰ্শ গাঁও হিচাপে গঢ়ি তোলা হ’ব। আদৰ্শ গাঁও হিচাপে উন্নীত কৰাৰ বাবে ২ বছৰ সময়সীমা ধাৰ্য কৰা হৈছে। গাঁওৰ নিৰ্বাচন সাধাৰণতে জিলা উপায়ুক্তৰ নেতৃত্বত গঠিত এখন কমিটীয়ে কৰে।

সংশ্লিষ্ট গাঁওখনৰ প্ৰকৃতিক আৰু আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে ২টা পৰ্যায়ত মুঠ ১.৫কোটি টকা প্ৰদান কৰা হ’ব।

আধাৰশিলা স্থাপন অনুষ্ঠানত পশ্চিম ছিয়াং জিলাৰ বিজেপিৰ ভাৰপ্ৰাপ্ত টায়েক গোইয়ে গ্ৰাম্য পৰ্যটন, কৃষি আদিৰ পৰা অৰ্থ উপাৰ্জন কৰিবলৈ আহ্বান জনায়। লগতে ৰাজ১ আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

সভাত আলোৰ ডিপিঅ’ হেংগে ৰিবা আৰু চক্ৰ বিষয়া ছাৰা বোৰাঙো উপস্থিত আছিল।