কামৰূপৰ ‘অনগ্ৰসৰ’ গাঁৱৰ পৰা আমেৰিকালৈ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হোৱা ছালমাক শুভেচ্ছা মুখ্য মন্ত্ৰীৰ

এমেৰিকাৰ ‘এন্ডি লীডাৰশ্বিপ ইনষ্টিটিউট’এ নিৰ্বাচন কৰা যুৱ মহিলা শান্তি স্থাপকৰ তালিকাত ঠাই পোৱা ছালমা হুছেইনক আজি ৪ জুলাইত মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ত শুভেচ্ছা জ্ঞাপন কৰে।

ৱাশ্বিংটনত অৱস্থিত এই ইনষ্টিটিউটটোৱে গোটেই পৃথিৱীৰ পৰা তৈয়াৰ কৰা তালিকাত অন্তৰ্ভুক্ত হৈছে ছালমা।

মুখ্য মন্ত্ৰীয়ে কোৱা মতে ছালমাৰ এই কৃতিত্বই অসমৰ যুৱ প্ৰজন্মক অধিক উৎসাহিত কৰি তুলিব।

মুখ্য মন্ত্ৰীৰ মতে ছালমাৰ সাফল্যই অসমৰ যুৱক-যুৱতীৰ যে সকলো ক্ষেত্ৰতে যোগ্যতা আছে সেয়া প্ৰমাণ কৰিছে।

‘কামৰূপ জিলাৰ সোণতলি গাঁৱৰ দৰে অনগ্ৰসৰ অঞ্চলৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক সুনাম থকা প্ৰতিষ্ঠানলৈ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হোৱা ছালমা হুছেইনৰ কৃতিত্বই ৰাজ্যখনৰ উঠি অহা প্ৰজন্মক প্ৰেৰণা যোগাব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।’

আজি ৪ জুলাইৰ সন্ধিয়া ৭.২০ বজাত বৰঝাৰ বিমানবন্দৰৰ পৰা আমেৰিকাৰ ৱাশ্বিংটন ডিচিলৈ উৰি যাব ছালমা।

অহা ৫ৰ পৰা ১৮ আগষ্টলৈ আমেৰিকাত এক বিশেষ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব ছালমাই।