কাৰ্বি আংলং কাণ্ডৰ প্ৰতিবাদত কলিয়াবৰত বিভিন্ন দল-সংগঠনৰ মৌন সমদল

কাৰ্বি আংলঙৰ ডকমকাৰ হত্যাকাণ্ডৰ দোষীৰ উচিত শাস্তি বিচাৰি ৰাজ্যৰ বিভিন্ন স্থানত দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আৰু ইয়াৰ সমান্তৰালভাৱে আজি বিয়লি কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্র একতা সভা, কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী আৰু কলিয়াবৰৰ যুৱক-যুৱতী আৰু কলিয়াবৰৰ বিভিন্ন জাতি-জনজাতি আৰু কলিয়াবৰবাসী ৰাইজৰ সৌজন্যত এক মৌন সমদল কলিয়াবৰ মহাবিদ্যালয় আৰু কলিয়াবৰ তিনিআলিৰ পৰা কলিয়াবৰ মহকুমালৈ বাহিৰ কৰা হয়।
এই মৌন সমদলটোত অংশ গ্ৰহণ কৰা শতাধিক লোকে ‘আমাক শান্তিৰ অসম লাগে, এই যে সময় সমন্বয়ৰ সেতু গঢ়া, কাৰ্বি আংলং আৰক্ষী অধীক্ষক আৰু ডকমকা থানাৰ আৰক্ষী বিষয়াক বৰ্খাস্ত কৰক, সময়ে কৈছে অসমীয়া এক হোৱাৰ, পাহাৰ ভৈয়ামৰ সম্প্ৰীতি কুশলে ৰাখো আহক’ আদি বহুতো প্লে কাৰ্ড হাতে হাতে লৈ এক সুস্থিৰ বাতাবৰণ সৃষ্টিৰ কামনাৰে এই মৌন সমদল বাহিৰ কৰে।
আনহাতে এই মৌন সমদলৰ অন্তত সমদলকাৰী সকলে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
প্ৰাপ্ত তথ্য মতে স্মাৰকপত্ৰত তেওঁলোকে অভিজিৎ আৰু নিলোৎপলৰ হত্যাকাৰীক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি দোষীক মৃত্যুদণ্ড দিয়া, কাৰ্বি আংলং জিলাৰ উপায়ুক্ত, কাৰ্বি আংলঙৰ আৰক্ষী আৰু কৰ্তব্যত গাফিলতি কৰা আৰক্ষীক বিচাৰ কৰি উপযুক্ত শাস্তি বিহাৰ লগতে যি দুখৰ ঠাইত নিৰীহ দুই যুৱকে প্ৰাণ বিসৰ্জন দিব লগা হ’ল সেই ঠাইত  চৰকাৰে এক শ্বহীদ বেদী স্থাপন কৰি দুয়োজন যুৱকক জাতীয় শ্বহীদ ঘোষণা কৰাৰ দাবী সন্নিবিষ্ট কৰে।
আনহাতে মহকুমাধিপতিৰ অনুপস্থিতিত আন এগৰাকী মহকুমা প্ৰশাসনিক বিষয়াই স্মাৰকপত্ৰ গ্ৰহণ কৰি এখন সুন্দৰ সমাজ গঢ়াত সকলোৰে সহায়-সহযোগিতা কামনা কৰে।
তাৰোপৰি মহকুমা প্ৰশাসনিক বিষয়া গৰাকীয়ে সকলোকে কোনো কাৰণতে আইন হাতত তুলি নল’বলৈ আহ্বান জনাই যিকোনো ধৰণৰ উৰা বাতৰিকো প্ৰশ্চয় নিদিবলৈ অনুৰোধ জনায়।
আনহাতে তেওঁ ৰাইজক সজাক কৰাৰ উদ্দেশ্যে কলিয়াবৰ মহকুমা প্ৰশাসনে কলিয়াবৰৰ বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰিব বুলিও জানিবলৈ দিয়ে।