কিড বেদা বিদ্যালয়ৰ অপহৃত শিশু মানবিক সুৰানাক ১০ ঘণ্টাৰ পিছত মহানগৰীৰ লালগণেশৰ পৰা উদ্ধাৰ

আজি দুপৰীয়াৰ ভাগত মহানগৰীৰ খ্ৰীষ্টান বস্তিৰ এখন কিড বেদা বিদ্যালয়ৰ পৰা  অপহৃত মানবিক সুৰানা নামৰ ৫ বছৰীয়া শিশুটিক অপহৰণৰ ১০ ঘণ্টাৰ পিছত মহানগৰীৰ লালগণেশৰ পৰা উদ্ধাৰ কৰে অসম আৰক্ষীয়ে।

উল্লেখযোগ্য যে আজি পুৱা ১১.৪৫ বজাত পৰিয়ালৰ লোক বুলি ভুৱা পৰিচয় দিয়া, ক’লা জাকেট আৰু হেলমেট পিন্ধি অহা যুৱক এজনে বিদ্যালয়খনৰ নিয়মীয়া ছুটীৰ সময় (১২.৩০)ৰ পূৰ্বেই এই শিশুটিক বিদ্যালয়খনৰ পৰা কৌশলেৰে লৈ গৈছিল। ইয়াকে লৈ মহানগৰীত চাঞ্চল্যৰ সৃষ্টি হৈছিল। দিনটোৰ পৰৱৰ্তী সময়খিনিত আৰক্ষীয়ে জোৰদাৰ তদন্ত চলাই অৱশেষত সফল হয় শিশুটিক উদ্ধাৰ কৰিবলৈ।

বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে অপহৰণকাৰী যুৱকজনে নিজকে শিশুটিৰ আত্মীয় বুলি পৰিচয় দিয়াৰ লগতে মাকে আগতীয়াকৈ নিবলৈ পঠাইছে বুলি কৈছিল। তেওঁ ম’বাইলত এগৰাকী মহিলাৰ সৈতে বিদ্যালয় কৰ্তৃপক্ষক কথা পতায়ো দিছিল। কিন্তু পিছতহে গম পোৱা যায় যে এয়া আছিল অপহৰণকাৰীৰ কৌশল।

আনহাতে আৰক্ষীয়ে সন্ধিয়াৰ ভাগলৈ গুল্লু নামৰ এজন যুৱকক এই সম্পৰ্কত সোধা-পোচাৰ বাবে আটক কৰিছিল।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে ঠিকাদাৰ পিতৃৰ প্ৰতিষ্ঠানত কাম কৰা কেৱল ম’ৰ নামৰ ব্যক্তিজনে শিশুটিক মুক্তিপণ দাবীৰ উদ্দেশ্যে অপহৰণ কৰিছিল। ম’ৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।  এই অপহৰণকাণ্ডৰ সৈতে জড়িত থকাৰ অপৰাধত ম’ৰৰ পত্নীকো গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰামতে অপহৰণকাৰী ব্যক্তিজনৰ বিৰুদ্ধে মানবিক সুৰানাৰ দেউতাকে ধনৰ খেলিমেলি কৰা বাবে গোচৰ দিছিল।