কিশোৰীক ধৰ্ষণৰ অভিযোগত প্রেমিকসহ পাঁচজনক গ্ৰেপ্তাৰ ত্ৰিপুৰাত

Lady-fiercely-gang-raped-her-body-ruined-in-Rohtak-Haryana-Newswoof-570x320

ত্ৰিপুৰাৰ কাৰবুক মহকুমাৰ অন্তৰ্গত জলায়া এলেকাত শনিবাৰে এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত কিশোৰীগৰাকীৰ প্ৰেমিকসহ ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত আটাইকেইজনকে আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে আটাইকেইজন অভিযুক্তকে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে জনাইছে যে নিৰ্যাতিতাগৰাকীৰ পিতৃ-মাতৃয়ে অভিযুক্ত লোককেইজনৰ বিপক্ষে অভিযোগ দাখিল কৰে। তেওঁলোকৰ অভিযোগৰ ভিত্তিত অভিযুক্ত গেইজনৰ বিপক্ষে যৌন অপৰাধৰ পৰা নাবালকক সুৰক্ষা প্ৰদান আইনৰ (POCSO) ধাৰা ৩৬৬ (ক) আৰু ৩৭৬(ঘ)অধীনত এটা গোচৰ ৰুজু কৰা হয়।

গ্ৰেপ্তাৰ হোৱা অপৰাধীকেইজন হৈছে মনোজিত(২৬), প্ৰদীপ ত্ৰিপুৰা(১৯), কাজল ত্ৰিপুৰা(২১), নৃপেন্দ্ৰ ত্ৰিপুৰা(২৭) আৰু অন্তৰ ত্ৰিপুৰা(২০)। আন এজন অপৰাধী কাহিনী ত্ৰিপুৰাৰ(২৭) সন্ধানত আৰক্ষীয়ে এটা তালাচী অভিযান আৰম্ভ কৰিছে। এই আটাইকেইজনেই মন্ত্ৰীদাস পাৰা গাঁৱৰ বাসিন্দা।

কিশোৰীগৰাকীয়ে অভিযোগ কৰিছে যে প্ৰথমতে তেওঁক তেওঁৰ প্ৰেমিক মনোজিতে বলাৎকাৰ কৰে। কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি, যোৱা ৮ জুলাইত প্ৰেমিক মনোজিতৰ সৈতে তেওঁ নিজৰ গাঁৱৰ পৰা পলাই আহিছিল আৰু তাৰ পাছ দিনা পুনৰ ঘৰলৈ উভতি গৈছিল।

১১ জুলাইত তেওঁ পুনৰ মনোজিতৰ সৈতে এখন কাৰত পলাই গৈছিল কিন্তু এইবাৰ কাৰখনত আৰু পাঁচজন আগৰে পৰা বহি আছিল। কিশোৰীগৰাকীয়ে অভিযোগ কৰা মতে অভিযুক্ত আটাইকেইজনেই তেওঁক এটা অচিনাক্ত বিদ্যালয় গৃহত বলাৎকাৰ কৰে। তাৰ পাছদিনা পুঁৱাও এখন ৰবৰৰ বাগিচাত তেওঁক এই অভিযুক্তকেইজনে পুনৰ বলাৎকাৰ কৰে আৰু বৃহস্পতিবাৰে নিশা তেওঁক ঘৰৰ সন্মুখত পেলাই থৈ যায়। এই সম্পৰ্কে টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ পোৱা অনুসৰি, কিশোৰীগৰাকীক সংকটজনক অৱস্থাত কাৰবুক ছচিয়েল হস্পিটাললৈ লৈ যোৱা হয়।

মহকুমা আৰক্ষী বিষয়া মণিময় চাকমাই কৈছে যে নিৰ্যাতিতাগৰাকীৰ ভাষ্য পঞ্জীয়ণভুক্ত কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে পৰীক্ষাত কিশোৰীগৰাকীক বলাৎকাৰ কৰাৰ কথাটো নিশ্চিত হৈছে।