কুৰি গৰাকী বিশিষ্ট নগঞাক অৰুণোদয় সন্মান প্ৰদান

auronodoi

দেওবাৰে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত  সাহিত্য-সংস্কৃতি, অসমৰ সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা কুৰি গৰাকী নগঞাক অৰুণোদয় সন্মান আগবঢ়োৱা হয়।

”সম্প্ৰতি অসমীয়া ভাষাটোৱে সংকটৰ সন্মুখীন হৈছে। অসমীয়া ভাষাৰ দুৰ্যোগ কালত ভাষাটোক শুদ্ধ ৰূপত জীয়াই ৰখাৰ দায়িত্ব প্ৰতিজন অসমীয়াই ল’ব লাগিব।”- এই মন্তব্য বিশিষ্ট শংকৰী গৱেষক তথা আনন্দৰাম বৰুৱা বঁ‌টা প্ৰাপক ড° নৰেন কলিতাৰ।

ভাষা-সাহিত্য-সংস্কৃতি চৰ্চা আৰু অনুশীলনৰ মুকলি মঞ্চ নগাঁৱৰ অন্যতম সাহিত্যানুষ্ঠান অৰুণোদয় সাহিত্য চ’ৰাই প্ৰথমবাৰৰ বাবে কুৰিজন বিশিষ্ট নগঞাক ”অৰুণোদয় সন্মান-২০১৮” প্ৰদান কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ কয়, ‘’অৰুণোদয়ৰ দৰে অনুষ্ঠানবোৰেও অসমীয়া ভাষাটোক সংকটৰ গৰাহত নপৰিবলৈ দায়িত্ব ল’ব লাগিব।‘’

অৰুণোদয় সাহিত্য চ’ৰাৰ পঞ্চম মধ্যকালীন অধিৱেশন তথা প্ৰতিষ্ঠা দিবসৰ লগত সংগতি ৰাখি দিনৰ এক বজাত অনুষ্ঠিত হোৱা মুকলি সভাত এই সন্মান প্ৰদান কৰা বিশিষ্ট নগঞা সকল হ’ল পদ্মশ্ৰী ড° জয়শ্ৰী গোস্বামী মহন্ত, উপেন্দ্ৰ বৰকটকী, তিলক চন্দ্ৰ মজুমদাৰ, জ্ঞানদা বৰা, ড° জ্যোৰ্তিময় জানা, ডাঃ  দিলীপ কুমাৰ বৰুৱা, ফনীন্দ্ৰ নাথ গায়ন, গুণীন হাজৰিকা, ৰাজেন বৰকাকতি, যজ্ঞ বেজবৰুৱা, বল্লদেৱ শৰ্মা, অজিত বৰঠাকুৰ, নৌশাদ আখতাৰ হাজৰিকা, ছিৰাজুদ্দিন আহমেদ, লীলা শইকীয়া, গুণ মহন্ত, দেবেন্দ্ৰ সিং সেহমী, সুজিত দাস, নেত্ৰকমল বৰঠাকুৰ আৰু অমিয়া পাটৰ।

অৰুণোদয় সাহিত্য চ’ৰাৰ সভাপতি ভৱেশ মেধিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত পদ্মশ্ৰী ড° জয়শ্ৰী গোস্বামী মহন্তই সন্মান গ্ৰহণ কৰি দিয়া ভাষণত অৰুণোদয়ক শলাগ লোৱাৰ লগতে  ভাষা জননীক সাৱলীল ৰূপত ব্যৱহাৰৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ গধুৰ দায়িত্ব আছে বুলি মন্তব্য কৰে।

বিশিষ্ট সাহিত্যিক তিলক চন্দ্ৰ মজুমদাৰে অৰুণোদয় সন্মান গ্ৰহণ কৰি দিয়া ভাষণত শুদ্ধ অসমীয়া ভাষাৰ ব্যৱহাৰৰ সম্পৰ্কে নতুন প্ৰজন্মৰ মাজত আলোচনা, কৰ্মশালাৰ আয়োজন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি মত প্ৰকাশ কৰে। ইয়াৰ উপৰি তেওঁ মাতৃভাষা শুদ্ধকৈ নাজানিলে পৃথিৱীৰ কোনো ভাষাই সম্পূৰ্ণকৈ আয়ত্ব কৰাতো কঠিন বুলি মন্তব্য কৰে।

বিশিষ্ট চিন্তাবিদ ড° জ্যোতিৰ্ময় জানাই অৰুণোদয়ৰ এই প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে অৰুণোদয়ে ভাষা সাহিত্যৰ বাবে প্ৰতিটো কামতে সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰে। সাহিত্যিক তথা প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকায়ো অনুষ্ঠানত বক্তব্য ৰাখে। অনুষ্ঠানটোৰ আঁ‌ত ধৰে সম্পাদক মুৰুলী বৰুৱাই আৰু আদৰণি ভাষণ প্ৰদান কৰে ড° দিলীপ শৰ্মাই।