কৃষ্ণাইত ব্যৱসায়ীক দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত দুই যুৱক

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পিপৰাঝাৰৰ এজন ব্যৱসায়ীক ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল দুই যুৱক ৷ আৰক্ষী সূত্ৰ অনুসৰি ধৃত যুৱক দুজনক দুধনৈৰ মাজুবৰগামৰ মোহিত ৰাভা(৩৯) আৰু মেন্দিপথাৰৰ চেপিকলৰ ৰাকেশ চাংমা (২৬) বুলি চিনাক্ত কৰা হৈছে ৷

উল্লেখযোগ্য যে ধৃত দুই যুৱকে আজি কিছুদিন আগতে কৃষ্ণাইৰ কাষৰীয়া পিপৰাঝাৰৰ বাসিন্দা ৰহিম সূত্ৰধৰক এক বৃহৎ অংকৰ ধন দাবী কৰিছিল ৷ ধন আদায় নিদিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদানত সন্ত্ৰস্ত হৈ আজি যুৱকদ্বয়ে নিৰ্দিষ্ট কৰি দিয়া স্থানত উপস্থিত হৈ  ধন আদায় দিবলৈ অগ্ৰসৰ হয় ৰহিম সূত্ৰধৰ ৷

ইফালে গোপন সূত্ৰে এই ঘটনা সন্দৰ্ভত অৱগত হৈ কৃষ্ণাই আৰক্ষীয়ে যুৱক দুজনক কৰায়ত্ত কৰাৰ বাবে খাপ পিটি ৰৈ থাকে। ফলত সূত্ৰধৰৰ পৰা দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত সোমাই পৰে যুৱক দুজন ৷

এখন স্কুটাৰত অহা যুৱক দুজনে আৰক্ষীৰ বেহু ফালি পলোৱাৰ চেষ্টা কৰে যদিও স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে এজনক দুধনৈৰ কাষৰীয়া মণ্ডলগ্ৰামৰ ৰেল ষ্টেচনৰ সমীপত আৰু আন জনক দুধনৈৰ সৎসংগ বিহাৰৰ কাষত কৰায়ত্ত কৰে ৷

উত্তেজিত ৰাইজে সহজ লভ্য ধনৰ আশাত এনে কুপন্থা গ্ৰহণ কৰা মোহিত আৰু ৰাকেশক উত্তম মধ্যম দি আৰক্ষীক চমজাই দিয়ে ৷ আৰক্ষীয়ে ইতিমধ্যে ধৃত যুৱক দ্বয়ৰ বিৰুদ্ধে (কেচ নং ১৪০/১৮ ইউ/এছ ৩৮৭ আইপিচি) এক গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ৷