• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেলৰ বৈঠক : অসমত লেহেমীয়া গতিত চলিছে ৰাষ্ট্ৰীয় পথ, ৰে’লপথ নিৰ্মাণৰ কাম

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 21, 2018 6:25 pm
Union Minister of State for Statistics and Programmme Implementation Vijay Goel during the review meeting of the large infrastructure Projects being implementation by Central Agencies namely NHAI, Indian Railways and Oil India Ltd. at NEDFi House in Guwahati on 20-06-18. pix by UB PHOTOS.
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন প্ৰকল্পসমূহৰ নিৰ্মাণৰ কাম লেহেমীয়া হৈ আছে। কেন্দ্ৰীয় পৰিসংখ্যা আৰু প্ৰকল্প কাৰ্য্যকৰীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী বিজয় গোৱেলৰ উপস্থিতিত গুৱাহাটীত আজি ২১ জুনত অনুষ্ঠিত পৰ্য্যালোচনা বৈঠকত এই কথা প্ৰকাশ পাইছে।

মূলতঃ প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলাত ব্যৰ্থতা আৰু আইনী মেৰপেচৰ বাবে বিভিন্ন প্ৰকল্পসমূহৰ কাম আগবঢ়া নাই বুলি বৃহস্পতিবাৰৰ বৈঠকত প্ৰকাশ পাইছে।

‘নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ হোৱা নাই কিয়?’ বিষয়াক মন্ত্ৰী গোৱেলৰ প্ৰশ্ন।

গুৱাহাটীৰ নেডফি হাউচত উত্তৰ-পূব সীমান্ত ৰে’লৱে’, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়াৰ সৈতে এই পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল।

২০১৫ চনতে সম্পূৰ্ণ হ’বলগীয়া অসমৰ ডিমা হাচাও জিলাৰ নিৰ্মীয়মান ১৪১ কি.মি. ৰাষ্ট্ৰীয় ঘাইপথ আজিলৈকে সম্পূৰ্ণ নোহোৱাক লৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াই কয় যে ভূমিস্খলনৰ বাবে এই কাম লেহেমীয়া হৈ আছে। তাৰ বিপৰীতে ৰাজ্যৰ আন প্ৰান্তৰ ৬১৯ কি.মি. পথৰ ৬০৭ কি.মি সম্পূৰ্ণ হোৱা বুলি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বৈঠকত প্ৰকাশ কৰে।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে লগতে জনাই যে অসমত ৰাইজৰ প্ৰতিবাদৰ বাবে তল গে’ট স্থাপন কৰিব নোৱৰাৰ ফলত চৰকাৰে প্ৰতিমাহে ২০-২৫ কোটি টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে।

ইপিনে বিভিন্ন স্থানত অধিগ্ৰহণ কৰিব লগীয়া হোৱা ব্যক্তিগত ভূমিৰ ক্ষেত্ৰত অনুমতি লাভত দেখা দিয়া বিভিন্ন অসুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ ১৭৬ কি.মি. দৈৰ্ঘ্যৰ নিউ বঙাইগাওঁ-গোৱালপাৰা-কামাখ্যা দ্বৈত ৰেলপথ প্ৰকল্প নিৰ্মাণৰ কাম পিছপৰি থকা বুলি জনাই উত্তৰ-পূব সীমান্ত ৰে’লৱে’ কৰ্তৃপক্ষই। তাৰোপৰি বিভিন্ন স্থানত বনাঞ্চলৰ মাজেৰে ৰে’লপথ অহাৰ বাবে সেই স্থানতো অনুমতি লাভৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ কথা অৱগত কৰে বিভাগটোৱে। অৱশ্যে এই ৰে’লপথটোৰ দ্বৈতকৰণৰ কাম ২০২২ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি বৈঠকত জনাই উত্তৰ-পূব সীমান্ত ৰে’লৱে’ই।

ইয়াৰ লগতে দীপৰ বিলৰ মাজেৰে থকা প্ৰায় পাঁচ কি.মিজোৰা ৰেলপথছোৱাৰ বিভিন্ন ঠাইত এলিফেন্ট কৰিড’ৰ থকাৰ বাবে সেই স্থানত নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ কথা জনাই ৰে’লৱে’ই। উত্তৰ-পূব সীমান্ত ৰে’লৱে’ই লগতে জনাই যে এই ক্ষেত্ৰত এক সিদ্ধান্ত গ্ৰহণৰ কাৰণে এখন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছে।

বৈঠকত মন্ত্ৰী গোৱেলে অইল ইণ্ডিয়া লিমিটেডৰ অধীনৰ বাৰাউনি-বঙাইগাওঁৰ মাজত নিৰ্মীয়মান পাইপলাইনৰ কামৰ অগ্ৰগতিৰো বুজ লয়। ৫৭১.৬৬ কোটি টকা ব্যয়সাপেক্ষে এই পাইপলাইন ২০১৯ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে অইলৰ বিষয়াসকলে। এই পাইপলাইন নিৰ্মাণ সম্পূৰ্ণ হ’লে গুৱাহাটী শোধানাগাৰলৈ খাৰুৱা তেল আনিব পৰা যাব বুলিও প্ৰকাশ কৰে।

পৰ্যালোচনা বৈঠকৰ পাছত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী বিজয় গোৱেলে কয় যে অসমত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন খণ্ডত বৰ্তমান মুঠ ৪৪টা প্ৰকল্পৰ কাম চলি আছে আৰু তাৰ বাবে ৫০,০০০ কোটি টকা পুঁজি ধাৰ্য কৰা হৈছে। তেওঁ জনোৱা মতে বৰ্তমানলৈ এই পুঁজিৰ ২০,০০০ কোটি টকা ব্যৱহৃত হৈছে।

প্ৰকল্পসমূহৰ নিৰ্মাণত দেখা দিয়া সমস্যাসমূহ আঁতৰোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সহায় আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অসুবিধাসমূহ দূৰ কৰাৰ বাবে গুৰুত্বসহকাৰে বিষয়টো লৈ ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ ৰাজ্য চৰকাৰক আহ্বান জনায়।

ইপিনে উত্তৰ-পূবলৈ বাহিৰৰ পৰা অভিযন্তাকে ধৰি আন বিষয়াসকল আহিব নিবিচাৰে বুলি বৃহস্পতিবাৰৰ পৰ্যালোচনা বৈঠকত কেইবাগৰাকীও বিষয়াই মন্ত্ৰীগৰাকীৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। এই সন্দৰ্ভত বিশেষ নীতি তৈয়াৰ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰই ভূমিকা ল’ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে।

লক্ষণীয়ভাৱে বিজেপিয়ে নিৰ্বাচনৰ আগত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টল গে’ট উঠাই দিয়াৰ কথা কৈ এতিয়া পুনৰ টল গে’ট বহুৱাব খোজা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্ন মন্ত্ৰীগৰাকীয়ে এৰাই চলিব খোজা দেখা গ’ল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd