কেন্দ্ৰ, ৰাজ্য উভয়তে বিজেপি চৰকাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে : হিন্দু যুৱ ছাত্ৰ পৰিষদ

hindu yuva chatra vs modi

বৰ্তমানৰ বিজেপি ( BJP ) নেতৃত্বাধীন চৰকাৰখনৰ ভূমিকাক কঠোৰ সমালোচনা কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই। আজি ১৮ মে’ত বৰপেটাত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বৈশ্যই বৰ্তমানৰ চৰকাৰখনৰ কাম-কাজক সমালোচনা কৰি কয় যে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে।

সভাপতিগৰাকীয়ে কয় যে ২০১৬ৰ ১৬ মে’ৰ পিচত অবৈধ বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি মোদীয়ে দিয়া ঘোষণা এতিয়া ফোঁপোলা চুঙাত পৰিণত হৈছে।

আনহাতে হিমন্ত বিশ্ব শৰ্মাই ২৬ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেয়াও ধোঁৱাচাঙত উঠিছে বুলি বৈশ্যই মন্তব্য কৰে। বৰ্তমানৰ চৰকাৰখনৰ দিনত কিমানখন সত্ৰৰ বেদখলকৃত ভূমি উদ্ধাৰ হ’ল বুলিও প্ৰশ্ন উত্থাপন কৰে বৈশ্যই।

যোৱা আঠ এপ্ৰিলত বাংলাদেশৰ ৰাষ্ট্ৰপতি আহি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ সন্মুখতে বাংলাদেশৰ পৰা অসমলৈ অনুপ্ৰৱেশ ঘটা নাই বুলি কোৱাৰ পিচতো জাতীয় নায়কগৰাকীযে মৌনতা অৱলম্বন কৰাত তেওঁ আশ্চৰ্য প্ৰকাশ কৰে। কিহৰ বাবে এই মৌনতা  বুলি প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰীক বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ মন্তব্য সঁচা নে মিছা তাক স্পষ্ট কৰিবলৈ দাবী জনায়।

পৰিষদৰ সভাপতিগৰাকীয়ে ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ হিন্দু-মুছলমান সকলো অবৈধ বিদেশীকে বহিস্কাৰ কৰাৰ দাবী উত্থাপন কৰে। উল্লেখ্য, ২০১৬ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এখন নিৰ্বাচনী সভাত সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা বদৰুদ্দিন আজমল আজি পৰ্যন্ত আটক নোহোৱাটো দুৰ্ভাগ্যজনক বুলিও অভিহিত কৰে বৈশ্যই।

উল্লেখযোগ্য যে ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে বাঘবৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলে মোডীৰ নেতৃত্বত হিন্দুসকল একত্ৰিত হৈছে, এতিয়া মুছলিমসকল একত্ৰিত হ’ব লাগে বুলি মন্তব্য কৰিছিল। আজমলৰ এই মন্তব্যৰ প্ৰতিবাদত এ আই ইউ ডি এফৰ নেতাগৰাকীৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই গুৱাহাটীৰ গীতানগৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিতে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি, ১৫৩, ১৫৩(এ), ২৯৫(এ) ধাৰাৰ অধীনত ৫১/১৬ নম্বৰত এটি গোচৰ ৰুজু কৰে। এই গোচৰটোৰ সংক্ৰান্ততে বাঘবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জবানবন্দী গ্ৰহণৰ বাবে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই আজি বাঘবৰ থানাত উপস্থিত হৈছিল।

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি গৰাকীয়ে বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৭১ চনৰ পৰিৱৰ্তে ১৯৫১ চন হ’ব লাগে বুলি মন্তব্য কৰি কয় যে, ১৯৭১ চনৰ বাবে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন আৰু ৮৫৫ গৰাকী অসমীয়া ছহিদ হোৱা নাছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দিল্লীৰ হেঁচাত ১৯৭১ চন মানি লৈছিল বুলি কৰা মন্তব্যক কটাক্ষ কৰি পৰিষদৰ সভাপতি গৰাকীয়ে কয় যে, অসম চুক্তি হোৱাৰ পূৰ্বে একাংশ জাতীয়তাবাদী চিন্তাধাৰাৰ লোকে ১৯৭১ চনৰ বিৰোধিতা যদি কৰিব পাৰে তেনেহ’লে প্ৰফুল্ল কুমাৰ মহন্তই কিয় নোৱাৰিলে। ইয়াৰ অন্তৰালত প্ৰফুল্ল কুমাৰ মহন্তৰ অসমৰ ৰাজপাট দখল কৰাৰ কু-অভিসন্ধি লুকাই আছিল বুলি মন্তব্য কৰে।

বলেন বৈশ্যৰ সৈতে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপাংকৰ গোঁহাই, মুখ্য সাংগঠনিক সম্পাদক বিনয় নাথ, সহকাৰী সাধাৰণ সম্পাদক জয়দেৱ হাজৰিকা, বৰপেটা জিলা সমিতিৰ সভাপতি-সম্পাদক প্ৰমুখ্যে কাৰ্যকৰ্তাসকল উপস্থিত আছিল।