কেৰালাৰ ভাৰতীয় নৌ একাডেমিৰ সৈতে চুক্তি স্বাক্ষৰ আই আই টি গুৱাহাটীৰ

আই আই টি গুৱাহাটী

আই আই টি গুৱাহাটী

 কেৰালাৰ এজিমলাত থকা ভাৰতীয় নৌ একাডেমিৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছে আই আই টি গুৱাহাটীয়ে। এই চুক্তিয়ে সামৰি লৈছে দুয়োপক্ষৰে আগ্ৰহৰ বিষয়বস্তু, শিক্ষাৰ্থী আৰু শিক্ষক বিনিময় বিষয়ক বিদ্যায়তনিক আৰু গৱেষণা সহযোগিতা। স্বাক্ষৰিত চুক্তিখনে দুয়োটা প্ৰতিষ্ঠানৰ মাজত শিক্ষাৰ্থী আৰু শিক্ষক বিনিময় সন্দৰ্ভত নিৰ্দেশক নীতিসমূহ নিৰ্ধাৰণ কৰি দিছে।
ইয়াৰ কেডেট-বিষয়াসকলক বি টেক ডিগ্ৰী প্ৰদান কৰা ভাৰতীয় নৌ একাডেমিয়ে শিক্ষাৰ্থী বিনিময় কাৰ্য্যসূচীৰ অধীনত আই আই টি গুৱাহাটীলৈ এটা সম্পূৰ্ণ ষান্মাষিকৰ বাবে তেওঁলোকৰ শিক্ষাৰ্থীক পঠিয়াব পাৰিব। তাৰোপৰি তেওঁলোকে তেওঁলোকৰ ব্যৱহাৰিক দক্ষতাৰ বিকাশৰ বাবে আই আই টিৰ অধ্যাপকৰ অধীনত আৱাসিক প্ৰশিক্ষণো গ্ৰহণ কৰিব পাৰিব।
টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি আই আই টি গুৱাহাটীৰ সঞ্চালক গৌতম বিশ্বাসে কয়, ‘আমি ভাৰতীয় নৌ একাডেমিৰ সৈতে জৰিত হ’বলৈ পাই গৌৰৱ অনুভৱ কৰিছো।’
আই আই টি গুৱাহাটীৰ এগৰাকী বিষয়ববীয়াই জনোৱা অনুসৰি, ‘এই সহযোগিতাই আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থীক উচ্চ পৰ্য্যায়ৰ যন্ত্ৰ-পাতি আৰু সঁজুলী ব্যৱহাৰ কৰাৰ আৰু নৌ সেনাই সন্মুখীন হোৱা প্ৰায়োগিক সমস্যাসমূহৰ সৈতে পৰিচিত হৱাৰ সুযোগ দিব। সশস্ত্ৰ বাহিনীসমূহৰ চহকী সংস্কৃতি, ঐতিহ্য আৰু গৌৰৱময় ইতিহাসৰ বিষয়ে জানি আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থীসকল উপকৃত হ’ব।’
এই বুজাবুজিয়ে ভাৰতীয় নৌ একাডেমিৰ শিক্ষাৰ্থীসকলক উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সম্প্ৰদায়্সমূহৰ সংস্কৃতি আৰু  নৃগোষ্ঠীয় বৈশিষ্ট্যৰ সৈতে পৰিচিত হোৱাৰ আৰু আই আই টিৰ শিক্ষাৰ্থীসকলক নৌ সেনাৰ সংস্কৃতিৰ বিষয়ে জনাৰ সুযোগ দিব।