কোকৰাঝাৰত গ্রামীণ বিকাশ বেংকৰ প্ৰধানমন্ত্ৰীৰ জীৱনজ্যোতি বীমা আঁচনিৰ হিতাধিকাৰীক বীমাৰ ধন প্ৰদান

কোকৰাঝাৰৰ অসম গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক কাৰ্যালয়ৰ সভাগৃহত কালি বিয়লি এখন সভা অনুষ্ঠিত হৈ যায়। প্ৰধানমন্ত্ৰীৰ জীৱনজ্যোতি বীমা আঁচনিৰ অধীনত বীমা কৰোৱা ব্যক্তিক বীমাৰ ধন প্ৰদানৰ বাবে উক্ত সভাখন অনুষ্ঠিত কৰা হৈছিল।

অসম গ্ৰামীণ বিকাশ বেংকৰ কোকৰাঝাৰ আঞ্চলিক কাৰ্যালয়ৰ পৰিচালক অজিত কুমাৰ নেওঁগে প্ৰধানমন্ত্ৰীৰ জীৱনজ্যোতি আঁচনিৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায়। সভত উপস্থিত থাকে ভাৰতীয় জীৱন বীমা নিগমৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ প্ৰৱন্ধক নিখিল চন্দ্ৰ দাস।

প্ৰৱন্ধক দাসে সকলো লোককে বেংকৰ সঞ্চয় আমানতৰ যোগেদি বীমায়িত হ’বলৈ আহ্বান জনায়। প্ৰৱন্ধকগৰাকীয়ে জীৱনজ্যোতি আঁচনিৰ বিভিন্ন দিশ সম্পৰ্কে খৰচি মাৰি আলোচনা কৰে।

অসম গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক কাৰ্যালয়ৰ জ্যেষ্ঠ পৰিচালক প্ৰদীপ চন্দ্ৰ পালে অতি সহজে কম টকা বিনিয়োগেৰে বেংকৰ যোগেদি জীৱনজ্যোতি বীমা আঁচনিৰ দ্বাৰা বীমায়িত হ’বলৈ সকলোকে আহ্বান জনায়। তেওঁ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকলক এই বিষয়ে প্ৰচাৰ কৰাৰ বাবে অনুৰোধ জনায়।

এই অনুষ্ঠানতে গ্ৰামীম বিকাশ বেংকৰ পাগলাহাট শাখাৰ পাঁচগৰাকী বীমায়িত গ্ৰাহকৰ মৃত্যু হোৱা বাবে তেওঁলোকৰ পৰিয়াল বৰ্গলৈ জীৱন বীমা নিগমৰ তৰফৰ পৰা আগবঢ়োৱা দুই লাখ টকাৰ বীমা ধনৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয়।

অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়াই অসম গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক কাৰ্যালয়ৰ মুখ্য প্ৰৱন্ধক গৰাকীয়ে উপস্থিত সকলো বিষয়া, কৰ্মচাৰী আৰু হিতাধিকাৰীৰ লগতে সংবাদ মাধ্যমৰ লোকসলকো ধন্যবাদ জ্ঞাপন কৰে।