কোট্পা আইন ভংগকাৰীৰ বিৰূদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ অসম আৰক্ষীৰ

cotpa

মঙলবাৰৰ পৰা অসম আৰক্ষীয়ে চিগাৰেট আৰু অন্যন্য ধঁপাতৰ পৰা উৎপাদিত দ্ৰব্য আইন, (Cigarettes and Other Tobacco Products Act, 2003 চমুকৈ কোট্পা- ২০০৩)ৰ অধীনত এই আইনৰ বিৰুদ্ধাচৰণ কৰা সকলক জৰিমণা বিহাৰ অভিযান আৰম্ভ কৰিছে। এই আইনখনে ৰাজহুৱা স্থানত ধঁপাত সেৱন কৰা, প্ৰত্যক্ষ বা পৰোক্ষ বিজ্ঞাপন, নাবালকৰ দ্বাৰা অথবা নাবালকৰ ওচৰত ধঁপাত বিক্ৰি কৰা, শিক্ষানুস্থানৰ পৰা ১০০ গজ দূৰত্বৰ ভিতৰত ধঁপাত বিক্ৰি বা ক্ৰয় কৰা আৰু ধঁপাত জাতীয় দ্ৰব্যৰ পেকেটত চিত্ৰ সম্বলিত সতৰ্কবাণী দিয়া (বৰ্তমানে পেকেটটোৰ ৮৫ শতাংশ স্থানলৈকে বিস্তৃত হোৱাকৈ) ইত্যাদি।

পূব গুৱাহাটীৰ ডিচিপি ড০ ৰমণদীপ কৌৰে কৈছে, ‘আৰক্ষীয়ে যুৱ সমাজৰ স্বাস্থ্য ৰক্ষাৰ ব্যৱস্থা কৰি সমাজলৈ সেৱা আগবঢ়ায়  । এইদৰে আৰক্ষীয়ে জনসাধাৰণলৈ সেৱা আগবঢ়ায়। ধঁপাতৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত কোট্পাই  সুদূৰ-প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব।

গুৱাহাটীৰ আৰক্ষী বাহিনীক ”সম্বন্ধ হেল্থ ফাউণ্ডেশ্যনে” ৰিফ্ৰেশ্বাৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছিল। আৰক্ষী আয়ুক্ত হীৰেন চন্দ্ৰ নাথৰ সঞ্চালনাত যুৱসমাজক ধঁপাতৰ পৰা দূৰত ৰখাৰ উদ্দেশ্যেৰে তথা ধঁপাত সেৱন নকৰাসকলক পৰোক্ষ ধঁপাত সেৱনৰ  কু-প্ৰভাৱৰ পৰা ৰক্ষা কৰাৰ বাবে কোট্পাৰ অধীনত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

তেওঁ কয়, ”এই অভিযানে আমাৰ ৰাজহুৱা স্থান আৰু শিক্ষানুস্থানসমূহক ধঁপাতমুক্ত কৰাত সহায় কৰিব।”

তেখেতে আৰু কৈছিল যে কোট্পা আইন বলৱৎ কৰাত জড়িত থকা আৰক্ষী বিষয়াসকলে প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল আৰু অসমত ধঁপাত নিয়ন্ত্ৰণ কৰাৰ অংগীকাৰ লৈছিল।

অসমত ১কোটিতকৈও অধিক লোকে ধঁপাত সেৱন কৰে আৰু ইয়াৰে ১৩.৩ লাখে চিগাৰেট সেৱন কৰে। অসমত বছৰি ৩৫-৬৯ বছৰ বয়সীয়া লোকৰ ধঁপাত-সম্পৰ্কীয় অসুখৰ চিকিৎসাত ৫৪০কোটিৰো অধিক টকা  ব্যয় কৰা হয়। বিগত ৭ বছৰত, ধঁপাতৰ প্ৰাদুৰ্ভাৱ ২০১০ৰ ৩৯.৩ শতাংশৰ পৰা ৪৮.২ শতাংশলৈ বৃদ্ধি ঘটিছে।

বিচিচিআইৰ কৰ্কট ৰোগৰ শল্য চিকিৎসক তথা ”ভইচ অব টবেক্কো ভিক্টিমছ” নামৰ সংস্থাটোৰ পৃষ্ঠপোষক ড০ অশোক দাসে কৈছে, ‘‘মই বহুতো কম বয়সীয়া যুৱকক ধঁপাত-সম্পৰ্কীয় কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে মোৰ বহিঃবিভাগলৈ অহা দেখিছোঁ। সেই যুৱকসকলে চোবাই খোৱা আৰু ধোঁৱা, দুয়ো প্ৰকাৰেই ধঁপাত ব্যৱহাৰ কৰিছিল। অসমত প্ৰতি দিনে ১৪০ জনকৈ শিশুৱে ধঁপাত সেৱন কৰিবলৈ আৰম্ভ কৰে। গুৱাহাটীৰ আৰক্ষীয়ে এই আইনখন বলৱৎ কৰাটো প্ৰশংসনীয় কাম।

২০১৭ চনৰ বিশ্ব প্ৰাপ্তবয়স্ক ধঁপাত জৰীপ অনুসৰি অসমত মুঠ ৪৮.২ শতাংশ প্ৰাপ্তবয়স্কৰ  ৬২.৯ শতাংশ প্ৰাপ্তবয়স্ক (১৫ বছৰ বয়সৰ উৰ্ধৰ) ৩২.৯ শতাংশ মহিলাই ধোঁৱা হিচাপে অথবা ধোঁৱাবিহীনভাৱে ধঁপাত ব্যৱহাৰ কৰে। উপলব্ধ তথ্য অনুসৰি, ২৫.৩ শতাংশ পুৰুষ আৰু ০.৮ শতাংশ মহিলাই আৰু  ৪১.৭ শতাংশ প্ৰাপ্তবয়স্কই ধঁপাত সেৱন কৰে।