কোনো বিধায়কৰ যোগদান সন্দৰ্ভত নিশ্চিত নহয় মেঘালয় বিজেপি

Tripura Election BJP

মেঘালয় বিজেপিয়ে এটা মন্তব্যত কৈছে যে ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৰাজ্যখন ভ্ৰমণ কৰাৰ প্ৰাক-মুহূৰ্তত কোনো এজন বিধায়কে দলটোত যোগদান কৰা সম্পৰ্কত তেওঁলোক নিশ্চিত নহয়। উল্লেখযোগ্য যে অহা ৬ জানুৱাৰিত দলটোৰ ৰাষ্ট্ৰীয় সভাপতিজনে নিৰ্বাচনমুখী ৰাজ্যখন ভ্ৰমণ কৰাৰ কথা। ভ্ৰমণৰ প্ৰথম কাৰ্য্যসূচী হিচাপে তেওঁ গাৰো পাহাৰৰ তিক্ৰিকিলাত এখন ৰাজহুৱা সভাত উপস্থিত থাকিব। উক্ত দিনাই তেওঁ শ্বিলঙত নতুনকৈ নিৰ্মিত দলৰ কাৰ্য্যালয়টো উদ্বোধন কৰিবলৈ চহৰখনলৈ উৰা মাৰিব।

আনহাতে কংগ্ৰেছী বিধায়ক এ এল হেক, এন চি পি এম এল এ ছেনবল শ্বুলাই আৰু আন দুজন নিৰ্দলীয় বিধায়ক জাষ্টিন ধাৰ আৰু ৰবিনাছ ছিংকানে তেওঁলোকে বিজেপিত যোগদান কৰাৰ কথা কৈছিল।

কিন্তু সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বিজেপিৰ এজন ৰাজ্যিক শীৰ্ষস্থানীয় নেতাই কয়, ‘আমি কোন কোন বিধায়কে দলটোত যোগদান কৰিব সেই কথা আমি নিশ্চিতকৈ ক’ব নোৱাৰিম, যদিও কেইজনমান বিধায়কে যোগদান কৰাৰ ইংগিত পোৱা গৈছে। তেওঁলোকে কেন্দ্ৰীয় নেতাসকলক কথাটো জনোৱাৰ পিছতহে আমি গম পাম।’

উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছৰ বিধায়কসকলৰ মাজত যথেষ্ট অসন্তুষ্টিয়ে দেখা দিছে আৰু তাৰ ফলত কেইবাজনো বিধায়কে ইতিপূৰ্বে এন পি পি দলত যোগদান নিশ্চিত কৰিছে। কিন্তু তেওঁলোকে ৰাজ্যখনত বিজেপিৰ জৰিয়তে নিজৰ ৰাজনৈতিক ভৱিষ্যত নিশ্চিত কৰাৰ ক্ষেত্ৰত সিমান আশাবাদী নহয় যেন লাগিছে।