কোল্হাপুৰ আল্ট্ৰা মাৰাথন ২০১৮ত অংশ ল’ব ছিকিমৰ চাৰিগৰাকী মাৰাথন খেলুৱৈয়ে

Sikkim marathon man Amar Subba with Sushila Rai

‘ছিকিম মাৰাথন মানৱ’ ৰূপে পৰিচিত অমৰ চুব্বা ৰাগেডিয়ান কোল্হাপুৰ আল্ট্ৰা মাৰাথন ২০১৮ প্ৰতিযোগিতাৰ বাবে এজন এম্বেছেডৰ হিচাপে অংশগ্ৰহণ কৰিব। তেওঁৰ লগতে ছিকিমৰ পৰা উক্ত মাৰাথনত চাৰিজন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি মঙলবাৰে জানিবলৈ দিয়ে।

১১ ফেব্ৰুৱাৰিৰ পৰা অনুষ্ঠিত হ’বলগীয়া মাৰাথন প্ৰতিযোগিতাত ছিকিমৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈ কেইগৰাকী হ’ল শুশীলা ৰায়, বুদ্ধ সিঙ চুব্বা আৰু সুৰট ৰাজ চুব্বা।

উল্লেখ্য যে শুশীলা ৰায় আৰু বুদ্ধ সিঙ চুব্বাই ব্যক্তিগত মহিলা আৰু পুৰুষ শাখাত অংশ ল’ব। আনহাতে সুৰট ৰাজ চুব্বাই ১০ কিলোমিটাৰ দৌৰ শাখাত অংশ ল’ব। মনকৰিবলগীয়া যে ছিকিমৰ এই তিনিওজন মাৰাথন খেলুৱৈয়ে অমৰ চুব্বাৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছে।

১১ ফেব্ৰুৱাৰিৰ পৰা মহাৰাষ্ট্ৰৰ কোল্হাপুৰত অনুষ্ঠিত হ’বলগীয়া মাৰাথন প্ৰতিযোগিতাৰ বাবে দেশ বিদেশৰ পৰা প্ৰায় ৫০,০০০ এথলীটে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাই আশা প্ৰকাশ কৰিছে।

এই মাৰাথানত ছিকিমৰ অমৰ চুব্বাই ৫০ কিলোমিটাৰ শাখাত অংশগ্ৰহণ কৰিব বুলি জনায়। তেওঁ লগতে কয় যে ছিকিমৰ জৈৱ মিশন তথা চহকী কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰৰ বাবে মই দৌৰত অংশ লম।

স্মৰ্তব্য যে ২০১৬ চনৰ ১৮ জানুৱাৰি দিনা ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে ছিকিমিক দেশৰ ভিতৰত একমাত্ৰ জৈৱিক খেতিৰ ৰাজ্য বুলি ঘোষণা কৰিছিল।

আনহাতে ৰাজ্যখনৰ একমাত্ৰ মহিলা মাৰাথন প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰী শুশীলা ৰায় এগৰাকী অত্যন্ত প্ৰতিভাশালী দৌৰবিদ।

তেওঁ অলপতে পাটনা মাৰাথনত অংশগ্ৰহণ কৰি প্ৰতিযোগিতাৰ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি ছিকিম ৰানাথন আৰু ছিকিম ৰানটো উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰিছিল।

কোল্হাপুৰ আল্ট্ৰা মাৰাথন প্ৰতিযোগিতাত অংশ ল’বৰ বাবে ছিকিমৰ চাৰিগৰাকী মাৰাথন খেলুৱৈয়ে ৭ ফেব্ৰুৱাৰিৰ দিনা ৰাওনা হ’ব।