কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে বশিষ্ঠ থানাত অখিল গগৈৰ এজাহাৰ দাখিল

কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰাৰ মুহূৰ্তত অখিল গগৈ

কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে  আজি মহানগৰীৰ বশিষ্ঠ থানাত অখিল গগৈয়ে এখন এজাহাৰ দাখিল কৰে। কোনো নাম উল্লেখ নকৰাকৈ গগৈয়ে বিত্ত, পৰিবহন মন্ত্ৰীৰ বিষয়েও এজাহাৰত উল্লেখ কৰিছে।

কৰ বিষয়া, পৰিবহন আয়ুক্তকে ধৰি ১৫ জনৰ বিৰুদ্ধে অখিল গগৈয়ে গোচৰ ৰুজু কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে গগৈয়ে আৰক্ষী সঞ্চালক প্ৰধান আৰু পৰিবহন আয়ুক্তৰ বিৰুদ্ধেও গোচৰ ৰুজু  কৰিছে।

অখিল গগৈয়ে দাখিল কৰা এজাহাৰৰ লগতে বহু নথি পত্ৰও জমা দিয়ে।

তেওঁ অভিযোগ কৰে যে চৰকাৰৰ প্ৰস্তাৱিত চেকগেটখনত চিচি টিভিৰ লগতে পৰ্যাপ্ত পোহৰ আৰু ডিজিটেল কৰ ব্যৱস্থা নাই।

মেঘালয়ৰ পৰা অহা বহু কয়লাৰ ট্ৰাকৰ চালান নোহোৱাকৈয়ে অবৈধ চালানৰ জৰিয়তে চেকগেট পাৰ হৈ যোৱাৰো অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। তদুপৰি, অভাৰলোডৰ নামতো চেকগেটত লুণ্ঠন চলাৰ অভিযোগ আনিছে অখিল গগৈয়ে।

চেকগেটত কিছুমান অভাৰলোড পৰিবাহী ট্ৰাকৰ পৰা জৰিমনা বিহে যদিও আন কিছুমানৰ পৰা পৰিবহন বিভাগৰ বিষয়াসকলে অবৈধভাৱে গুণ্ডাকৰ সংগ্ৰহ কৰে বুলিও গগৈয়ে এজাহাৰত উল্লেখ কৰে।

অখিল গগৈয়ে কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছিল। কিন্তু আজি কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰি গগৈয়ে তেওঁৰ পূৰ্বৰ আন্দোলনৰ গতিধাৰালৈ উভতি অহা বুলি ক’ব পাৰি।

কয়লা ছিণ্ডিকেটক লৈ শাসকীয় বিজেপি দলৰ নেতাসকলৰ মাজতে শেহতীয়াকৈ মতভেদৰ সৃষ্টি হোৱা দেখা গৈছে। অলপতে মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়ে সংবাদ মেল পাতি কয়লা ছিণ্ডকেটত বহুতো প্ৰভাৱশালী ব্যক্তি জড়িত আছে বুলি ব্যক্ত কৰিছিল।

ভৰালীৰ বক্তব্যৰ পিছতে শাসকীয় দলৰ কেইবাগৰাকীয়ো নেতাই তেওঁৰ বক্তব্যক নস্যাৎ কৰি কয়লা ছিণ্ডিকেট চলি থকা নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

অখিল গগৈৰ আজিৰ এই এজাহাৰ দাখিলৰ পিছত বিষয়টো পুনৰ চৰ্চাৰ মাজলৈ অহাৰ সম্ভাৱনা আছে।