প্ৰসংগ কৰ্ণাটক : বিজেপি মুৰ্দাবাদ ধ্বনিৰে দীঘলীপুখুৰীপাৰত কংগ্ৰেছৰ প্ৰতিবাদ

WhatsApp

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল অনুযায়ী প্ৰয়োজনীয় ‘মেজিক নাম্বাৰ’ থকা সত্ত্বেও জেডি(এছ)- কংগ্ৰেছক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ নজনাই ৰাজ্যপাল ভজুভাই ভালাই বিজেপিক চৰকাৰ গঠনৰ বাট প্ৰশস্ত কৰি দিয়াৰ বাবে আজি কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যাৰ অভিযোগেৰে দেশজোৰা প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ লগত সংগতি ৰাখি গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ নেতৃবৰ্গই মোডী চৰকাৰে দেশৰ গণতন্ত্ৰক ধ্বংস কৰি একনায়কত্ববাদ চলোৱাৰ বাবে একেমুখে গৰিহণা দিয়ে।

উল্লেখযোগ্য যে প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, প্ৰাক্তন সাংসদ বলীন কুলী, প্ৰাক্তন মন্ত্ৰী অকন বৰা, বিধায়ক ৰেকিবুদ্দিন আহমেদ শ্বেৰমান আলীকে ধৰি মহিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে অংশগ্ৰহণ কৰে।

প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সংবাদ মাধ্যমৰ আগত কয় যে মেঘালয়, মণিপুৰ গোৱাত কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতো বিজেপিয়ে কুঅভিসন্ধিৰে চৰকাৰ গঠন কৰিলে। ইয়াৰ বিপৰীতে কৰ্ণাটকৰ ঘটনা দেশৰ গণতান্ত্ৰিক পৰিকাঠামোত এক আঘাত।

লগতে তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় ‘বিজেপিয়ে ১০৪ খন আসন পোৱাৰ বিপৰীতে কংগ্ৰেছ-জেডি(এছে) ১১৮ খন আসন পায়ো চৰকাৰ গঠন কৰাৰ সুযোগ নাপালে। বিজেপিয়ে ভাৰতীয় সংবিধান ভৰিৰে মোহাৰি একনায়কত্ববাদ চলাবলৈ আৰম্ভ কৰিছে।

আনহাতে এই প্ৰতিবাদী কাৰ্য্যসূচীতে অংশগ্ৰহণ কৰা জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে বিজেপিক হৰ্ছ ট্ৰেডিং কৰাত পাকৈত বুলি উল্লেখ কৰি কয়— ‘বিজেপিয়ে ছলে চক্ৰান্তই চৰকাৰ গঠন কৰিবলৈ শ-শ কোটি টকাৰে বিধায়ক কিনা বেচা কৰি আছে|’

কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে ‘মোডী মিছলীয়া, গণতন্ত্ৰক হত্যা কৰা বন্ধ কৰক, মোডী মুৰ্দাবাদ আদি ধ্বনিৰে দিঘলীপুখুৰী পাৰ কঁপাই তোলে। উল্লেখযোগ্য যে পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে।