• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্মচাৰীৰ অভাৱত অচল সৰভোগ ডাকঘৰ : বিভিন্ন সেৱাৰ পৰা বঞ্চিত অঞ্চলবাসী ৰাইজ

ইয়াছিন আলী by ইয়াছিন আলী
April 25, 2018 6:42 pm
sorbhog
292
VIEWS
Share on FacebookShare on Twitter

ডাক সেৱা,ক্ষুদ্ৰ সঞ্চয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ব্যক্তিগত পাৰ্চেলৰ আদান- প্ৰদানৰ প্ৰয়োজনীয় চৰকাৰী মাধ্যম এই ডাক সেৱা। কিন্তু এই ডাক সেৱাই প্ৰকৃততে বাৰু কিমান উপকৃত কৰিছে ৰাইজক। ডাক সেৱাৰ পৰা প্ৰকৃততে কিমান উপকৃত হৈছে ৰাইজ তাৰে এক বাস্তৱ ছবি প্ৰতিফলিত হৈছে সৰভোগত।

এজন মাত্ৰ বিষয়াই চলাই থকা এটা ডাক ঘৰ, বৰপেটা জিলাৰ বৰনগৰৰ সৰভোগৰ এই ডাক ঘৰটোত নাই পৰ্যাপ্ত কৰ্মচাৰী। কৰ্মচাৰীৰ অভাৱত সৰভোগ ডাকঘৰৰ কাম-কাজ সম্পূৰ্ণ অচল হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। উপভোক্তা, গ্ৰাহকৰ কিছুমানে নিজৰ নিজৰ প্ৰয়োজনীয় কাম কৰিব পৰা নাই আৰু  আন কিছুমানে নিজৰ প্ৰাপ্য জমাধন উলিয়াব নোৱাৰি বিমোৰত পৰিছে।

প্ৰতিদিনে অতি ব্যস্ত এই ডাকঘৰটো মূলতঃ কৰ্মচাৰীৰ অভাব, অনুন্নত আহিলা, প্ৰয়োজনীয় আচবাব পত্ৰৰ অভাৱ, প্ৰায়ে লিংক ব্যৱস্থা বিচ্ছিন্ন হোৱা আদি বহু সমস্যাৰে জৰ্জৰিত হৈ আছে।

sorbhog 2

সাংবাদিকে ৰাইজৰ দুৰ্দশাৰ কাৰণ সম্পৰ্কত জানিব বিচৰাত ডাক ঘৰটোৰ ডাক অধিকৰ্ত্তা (পোষ্ট মাষ্টৰ) ধ্ৰুৱজ্যোতি দাসে জনায় যে প্ৰয়োজনতকৈ যথেষ্ট কম হোৱা সত্বেও কাৰ্যালয়টোত তিনি গৰাকী কৰ্মচাৰীৰে কাম-কাজ চলাই থকা হৈছে।  কেইমাহমানৰ আগতেই কম্পিউটাৰ অপাৰেটৰ গৰাকীক ইয়াৰ পৰা অন্য ঠাইলৈ বদলিৰ নিৰ্দেশ দিয়ে। তাৰ পিচতেই যোৱা ১৭ মাৰ্চত ডাকঘৰটোত থকা একমাত্ৰ কাৰ্যালয় সহায়ক গৰাকীকো কলগাছিয়ালৈ লৈ যোৱাত ৰৈ থাকিল মাত্ৰ ডাক অধিকৰ্ত্তা গৰাকী।

১১ টা শাখাৰ কাম চলাব লগীয়া এই ডাকঘৰটোৰ জৰিয়তে লাখ লাখ টকাৰ লেনদেন হয়। তদুপৰি এন এছ চি, কে ডি পি, টি ডি আদিৰ জৰিয়তে উপভোক্তা ৰাইজে নিজৰ নিজৰ সাঁচতীয়া ধন জমা ৰাখে। কিন্তু অকলশৰীয়া ডাক অধিকৰ্ত্তা গৰাকীয়ে অকলেই সকলো কাম চম্ভালিবলগীয়া হোৱাত নিৰুপায় হৈ এতিয়া তেওঁ ডাকঘৰটোৰ কাম-কাজ সম্পূৰ্ণ বন্ধ কৰি দিবলৈকে উদ্যত হৈছে।

বিষয়া গৰাকীৰ লগতে সচেতন ৰাইজ তথা গ্ৰাহকে অনতিপলমে ডাকঘৰটোত কৰ্মচাৰী নিয়োগ কৰিবলৈ উৰ্ধতন কৰ্তৃপক্ষক দাবী উত্থাপন কৰিছে।

Recent News

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd