• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খিলঞ্জীয়াৰ হাতলৈ ব্যৱসায়: আলফা নেতাক সঁহাৰি ১০হাজাৰোধিক যুৱক-যুৱতীৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 31, 2018 9:31 am
JitenDutta-570x320

আলফা নেতা জিতেন দত্ত। ফাইল ফটো

154
VIEWS
Share on FacebookShare on Twitter

সাৰ্বভৌম অসমৰ স্বপ্নেৰে সংগ্ৰাম আৰম্ভ কৰা কেইবাজনো আলফা নেতাই এতিয়া বহিৰাগতৰ পৰা অসমৰ ব্যৱসায় খিলঞ্জীয়া যুৱকৰ হাতলৈ অনাৰ বাবে অৰ্থনৈতিক সংগ্ৰামৰ পথ বাচি লৈছে।

প্ৰাৰম্ভিক অৱস্থাত কণীৰ ব্যৱসায়ত অসমৰ খিলঞ্জীয়া যুৱকক নিয়োজিত কৰাৰ ব্যৱস্থা কৰিছে আলোচনাপন্থী আলফা নেতা জিতেন দত্ত, অনুপ চেতিয়া, প্ৰবাল নেওগ, অন্টু চাওদাং আৰু মৃণাল হাজৰিকাই।

অন্ধ্ৰ প্ৰদেশৰ পৰা দুই ট্ৰাক কণী আনি অসমৰ প্ৰতিখন সৰু-বৰ চহৰত খিলঞ্জীয়া যুৱকসকলক ব্যৱসায়ৰ বাবে যোগান ধৰিছে আলফা নেতাকেইজনে গঠন কৰা অসম সুৰক্ষা আৰু উন্নয়ন পৰিষদ নামৰ গোটটোৱে।

‘অসমৰ ক্ষুদ্ৰ ব্যৱসায়সমূহ সম্পূৰ্ণ মিঞাৰ দখলত আছে আৰু বহিৰাগতই ইয়াত চিণ্ডিকেট চলাই আছে। আমাৰ লক্ষ্য এই চিণ্ডিকেটবোৰ ভাঙি দিয়া আৰু আমাৰ ল’ৰাক ব্যৱসায়ত সুমুৱাই দিয়া। যিবোৰ ব্যৱসায় বহিৰাগতৰ দখলত আছিল তাত আমাৰ অসমীয়া যুৱশক্তি জড়িত কৰি অসমীয়া মানুহৰ দখললৈ অনাৰ বাবে প্ৰচেষ্টা হাতত লৈছো,’ আলফা নেতা জিতেন দত্তই নৰ্থ ইষ্ট নাও-ক জনায়।

বহিৰাগতসকলক ব্যৱসায়ত কোনো বাধা দিয়া নহয় বুলিও দত্তই ঘোষণা কৰিছে। ‘বজাৰৰ অন্ততঃ ২০ শতাংশ ব্যৱসায় খিলঞ্জীয়া যুৱক-যুৱতীক দিবই লাগিব। বাকী ৮০ শতাংশত আন ব্যৱসায়ীসকলে ব্যৱসায় কৰি থাকক,’ জনালে দত্তই।

অৰ্থনৈতিক সংগ্ৰামখন আগুৱাই নিয়াৰ বাবে কেৱল কণীয়েই নহয়, মাছকে ধৰি বিভিন্ন ক্ষুদ্ৰ ব্যৱসায় অসমীয়াৰ হাতলৈ নিয়াৰ পৰিকল্পনা হাতত লৈছে অসম সুৰক্ষা আৰু উন্নয়ন পৰিষদে।

এতিয়া অন্ধ্ৰ প্ৰদেশৰ পৰা কণী অনা হৈছে যদিও অসমতে ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত কণীৰ উৎপাদন আৰম্ভ কৰিছে বুলিও জীতেন দত্তই জানিবলৈ দিয়ে।

কণীৰ ব্যৱসায়ৰ লগতে উৎপাদনৰো পৰিকল্পনা আছে বুলিও দত্তই ঘোষণা কৰে। ‘কণীৰ উৎপাদন আৰম্ভ হৈছে যদিও বজাৰ দখল কৰাত যথেষ্ট অসুবিধা হৈছে। কিয়নো গোটেই বজাৰ মিঞাৰ দখলত আছে। গতিকে আমি বৃহৎ হাৰত উৎপাদন কৰাৰ আগতেই অসমৰ যুৱক-যুৱতীক ব্যৱসায়ত নিয়োজিত কৰি বজাৰখন খিলঞ্জীয়াৰ হাতলৈ আনি ল’ব বিচাৰিছো। আমি একে সময়তে ব্যৱসায়ৰ জৰিয়তে বজাৰত অসমৰ যুৱকক সুমুৱাই দিম আৰু সেই একেটা সময়তে উৎপাদন প্ৰক্ৰিয়াও আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰি যাম’, জিতেন দত্তই কয়।

Recent News

আদৰণি ভাষণৰ উত্তৰত ‘জয় ভীম’ শ্লোগান মুখ্য ন্যায়াধীশ বিআৰ গাভাইৰঃ দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়মূৰ্তি হিচাপে দায়িত্ব গ্ৰহণ

আদৰণি ভাষণৰ উত্তৰত ‘জয় ভীম’ শ্লোগান মুখ্য ন্যায়াধীশ বিআৰ গাভাইৰঃ দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়মূৰ্তি হিচাপে দায়িত্ব গ্ৰহণ

সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিব পাকিস্তান চৰকাৰেঃ অপাৰেশ্যন সিন্দুৰত মৃত্যু হোৱা পৰিয়ালৰ লোকৰ ক্ষতিপূৰণ হিচাপে এই ধন

সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিব পাকিস্তান চৰকাৰেঃ অপাৰেশ্যন সিন্দুৰত মৃত্যু হোৱা পৰিয়ালৰ লোকৰ ক্ষতিপূৰণ হিচাপে এই ধন

মাত্ৰ ৩৬ দিনৰ কাৰ্যকাল! ২০২৭ চনত প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ পাব ভাৰতে

মাত্ৰ ৩৬ দিনৰ কাৰ্যকাল! ২০২৭ চনত প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ পাব ভাৰতে

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd