গঁড় গণনা প্ৰক্ৰিয়াত অত্যাধুনিক পদ্ধতি অৱলম্বনৰ বাবে আহ্বান আৰ টি আই কৰ্মী ভবেন সন্দিকৈৰ

f2ec4150-2826-40ec-bd57-b49f175b2163

অসমৰ জাতীয় আৱেগ জড়িত থকা এটা খৰ্গযুক্ত গঁড়ৰ গণনাক লৈ একাংশ ৰাজনৈতিক নেতাই ৰাজনীতি কৰাৰ লগতে ব্যক্তিগত মুনাফা লুটাৰ অভিযোগ তুলিছে স্বৰাজ অসমৰ আহ্বায়ক তথা আৰ টি আই কৰ্মী ভবেন সন্দিকৈয়ে। আজি স্বৰাজ অসমৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত এই অভিযোগ দাঙি ধৰে সন্দিকৈয়ে।

তেওঁ বনবিভাগৰ অধীনত চলি থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২০১২ চনৰে পৰা গঁড় গণনা প্ৰক্ৰিয়াত ব্যাপক  খেলি-মেলি চলি থকা বুলি মন্তব্য কৰি কয়,  ‘’এটা সংস্থাৰ পৰা আমি গম পাইছিলো যে ৰাজ্যৰ অভয়াৰণ্যসমূহত চলি থকা গঁড় গণনা প্ৰক্ৰিয়াত খেলি-মেলিৰ সৃষ্টি হৈ আছে। সেয়েহে আমি ২০১৬ আৰু ১৭ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰাত থকা গঁড়ৰ সংখ্যা আৰু গণনা পদ্ধতি সন্দৰ্ভত তথ্য বিচাৰি আৰ টি আই আবেদন কৰিছিলো। দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে আজি পৰ্য্যন্ত আমাক তথ্য দিয়াৰ পৰা বিৰত থাকিল।‘’

তাৎপৰ্য্যপূৰ্ণভাৱে আৰ টি আই কৰ্মীজনে ইণ্ডিয়ান ৰাইন’ ভিজন ২০২০ শীৰ্ষক অভিযানৰ বাবেই সংশ্লিষ্ট কৰ্তৃপক্ষই গণনাৰ ক্ষেত্ৰত গঁড়ৰ পৰিমাণ বৃদ্ধি কৰা বুলি মন্তব্য কৰে।

তেওঁ কয়,  ‘’ইণ্ডিয়ান ৰাইন’ ভিজন ২০২০ত অসমৰ গঁড়ৰ সংখ্যা বন বিভাগে ৩০০০ আছে বুলি দেখুৱাবই লাগিব। যদি ৩০০০ গঁড় তেওঁলোকে দেখুৱাব নোৱাৰে তেন্তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাৰ পৰা অহা বৃহৎ অংকৰ ধনৰ আৱন্টন বন্ধ হৈ যাব। সেয়েহে গণনাৰ সৈতে জড়িত লোকসকলে সংখ্যা নিৰ্দ্ধাৰণত গঁড়ৰ সংখ্যাটো বেছিকৈ প্ৰকাশ কৰে।‘’

লক্ষ্যণীয়ভাৱে যোৱা ১৬ মাৰ্চত লোকসভাত কেন্দ্ৰীয় বন আৰু পৰিবেশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী মহেশ শৰ্মাই অসমৰ প্ৰতীক এশিঙীয়া গঁড়ক দ্ৰুতগতিত বিলুপ্তিৰ পথত থকা প্ৰাণীৰ তালিকাত প্ৰকাশ কৰি এক প্ৰতিবেদন যুগুত কৰিছিল বুলি সন্দিকৈয়ে উনকিয়াই দিয়ে।

আনহাতে,  আৰ টি আই কৰ্মীজনে কয়, ‘’২০১৩ চনত আমাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰদান কৰা তথ্য অনুসৰি কাজিৰঙা বন কৰ্তৃপক্ষই যি পদ্ধতিৰ জৰিয়তে গঁড় গণনা কৰে সেই প্ৰক্ৰিয়াৰ জৰিয়তে এয়া সম্ভৱ নহয়। দুৰ্ভাগ্যজনক কথা যে আওপুৰণি পদ্ধতিৰে গঁড় গণনা সম্ভৱ নহয় বুলি গণনাত নিয়োজিতসকলে বন বিভাগক আৱেদন কৰিছিল যদিও ২০১৫ চনৰ গঁড় গণনা প্ৰক্ৰিয়াতো সেই পদ্ধতিকে বন বিভাগে অবলম্বন কৰিলে।‘’

তদুপৰি, তেওঁ বন বিভাগক আওপুৰণি গঁড় গণনাৰ পৰিৱৰ্তে অত্যাধুনিক  গণনা পদ্ধতি অৱলম্বনৰ বাবে আহ্বান জনাই কয়, ‘’গঁড় গণনাৰ কামত নিয়োজিত সকলোকে যদি জি পি এছ  আৰু লাইন ট্ৰেনচেক্ট চিষ্টেম এটা সংযোগ কৰি দিয়ে তেন্তে নিৰ্দিষ্ট এলেকাত গঁড় গণনা কৰাত সুবিধা হ’ব।‘’

আনহাতে, তেওঁ কাজিৰঙাত চোৰাংচিকাৰীৰ হাতত গঁড় নিধন হৈ থকাৰ পিছতো ৰহস্যজনকভাবে ২০১৫ চনত গঁড়ৰ সংখ্যা বৃদ্ধি পোৱাক লৈ মন্তব্য কৰি কয়, ‘’ আমি লাভ কৰা তথ্য অনুসৰি ২০১২ চনৰ গণনাত গঁড়ৰ সংখ্যা আছিল ২২৯০ টা, ২০১৩ চনত ২৩২৯ টা আৰু ২০১৫ চনত এই পৰিমাণ বৃদ্ধি পাই ২৪০১ টা হ’লগৈ। এই কথাই প্ৰমাণ কৰিছে যে গণনা প্ৰক্ৰিয়াত নিশ্চয়কৈ খেলি-মেলি থকাৰ লগতে ৰহস্য লুকাই আছে।

ওৰাঙ ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ তথ্য সন্দৰ্ভত তেওঁ লগতে কয়, ‘’ওৰাঙৰ গঁড় গণনাৰ ক্ষেত্ৰত চৰকাৰী বিষয়া দুগৰাকীয়ে দুটা ব্লকত বেছি বেছিকৈ তথ্য দিয়াৰ বিপৰীতে নিয়োজিত নিৰপেক্ষ বিষয়া তথা স্বেচ্ছাসেৱী সংস্থাৰ লোকসকলে সেই দুটা ব্লকত গঁড়ৰ সন্ধানেই নাপালে।‘’

তেওঁ সমগ্ৰ গঁড় গণনা প্ৰক্ৰিয়াটোৰ স্বচ্ছতাৰ খাতিৰত কেৱল চৰকাৰী বন বিষয়া, স্বেচ্ছাসেৱী সংগঠন তথা স্থানীয় সংবাদকৰ্মীকে নিয়োজিত নকৰি তদন্ত কমিটিত বিশিষ্ট পৰিৱেশ বিজ্ঞানী, দল-সংগঠন আৰু সংবাদ মাধ্যমৰ নেতৃস্থানীয় প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনায়।