গাওঁৰক্ষী বাহিনীৰ খবৰমতে আৰক্ষী সময়ত যোৱা হ’লে জীৱন বাচিলহেঁতেন নেকি নীলোৎপল আৰু অভিজিতৰ?

NilotpalDas

কাৰ্বি আংলঙৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰিত মানুহৰ অকল্পনীয় নৃশংসতাৰ বলি হৈ অকাল মৃত্যু হোৱা নীলোৎপল আৰু অভিজিতৰ মৃতদেহ আজি গুৱাহাটীৰ তেওঁলোকৰ ঘৰলৈ অনা হয়। আজি দুয়ো বন্ধুৰ মৃতদেহ গুৱাহাটীৰ নৱগিৰি শ্মশানত সৎকাৰ কৰা হয়।

উল্লেখযোগ্য যে ইতিপূৰ্বে আৰক্ষীয়ে তৎপৰতাৰে এই বৰ্বৰ হত্যাকাণ্ডটোত জড়িত ১৬জনক গ্ৰেপ্তাৰ কৰিছে। তাৰোপৰি তদন্ত এতিয়াও অব্যাহত আছে।

আনহাতে বহুতে এইটো অভিযোগ কৰা দেখা গৈছে যে উক্ত দিনা ঘটনাৰ সময়ত গাওঁৰক্ষী বাহিনীয়ে খবৰ দিয়াৰ লগে লগে আৰক্ষী উপস্থিত হোৱা হ’লে নীলোৎপল আৰু অভিজিতৰ জীৱন বচাব পৰা গ’লহেঁতেন। আজিৰ সংবাদমেলত ৰাজ্যৰ মুখ্য সচিব টি ৱাই দাসেও একেই মন্তব্য কৰিছিল। মন কৰিব লগীয়া যে গাওঁৰক্ষী বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিজে চেষ্টা কৰাৰ লগতে পৰিস্থিতিয়ে বেয়াৰ দিশত গতি কৰা দেখি আৰক্ষীলৈও খবৰ দিছিল।

অৱশ্যে ডকমকাৰ আৰক্ষীয়ে পলম হোৱাৰ অভিযোগ নাকচ কৰিছে। “ডকমকা থানা ঘটনা সংঘটিত ঠাই পাণজুৰিৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত। গতিকে আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে গৈছিল যদিও বেয়া পথ অতিক্ৰমী গৈ পাওঁতে প্ৰায় আধা ঘণ্টা লাগিছিল। ইয়াৰ ফলতে ঘটনাস্থলীত উপস্থিত হোৱাত পলম হৈছিল আৰক্ষীৰ।” ডকমকা থানাৰ এটা আৰক্ষীৰ সূত্ৰই কয়।

এইখিনিতে মন কৰিব লগীয়া এটা কথা হ’ল যে উন্মত্ত জনতাই যুৱক দুজনক আক্ৰমণ কৰি থকা ঘটনাটোৰ ভাইৰেল হৈ পৰা ভিডিঅ’টোত এজন আৰক্ষী লোককো দেখা গৈছে আৰু তেওঁক উন্মত্ত লোকসকলে যুৱকজনক নিৰ্মম প্ৰহাৰ কৰি থকা দৃশ্য ম’বাইলত বন্দী কৰাত ব্যস্ত যেন লাগে।

ইফালে মৰ্মান্তিক ঘটনাটোৰ ক্ষোভৰ জুয়ে এতিয়াও সমগ্ৰ ৰাজ্যক উত্তপ্ত কৰি ৰাখিছে। বিশেষকৈ ছ’চিয়েল মিডিয়াত সমস্ত কাৰ্বি সম্প্ৰদায়ক লৈ আপত্তিকৰ মন্তব্য কৰা দেখা গৈছে, যিটোৱে ৰাজ্যখনৰ সামাজিক সম্প্ৰীতিত আন এটা আঘাত দিব পাৰে।