গুজৰাটৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হ’লেই মেঘালয়লৈ আহিব মুখ্য নিৰ্বাচনী আয়ুক্ত

গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই আগন্তুক মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে দুই সহযোগী আয়ুক্তৰ সৈতে মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজ্যখনলৈ আহিব।

ছিলঙত আহি উপস্থিত হোৱা উপ নিৰ্বাচনী আয়ুক্ত চন্দ্ৰ ভূষণ কুমাৰে বৃহস্পতিবাৰে সংবাদ মাধ্যমক জনায় যে দুগৰাকী নিৰ্বাচনী আয়ুক্তক লৈ মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ এটি দল নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনলৈ আহিব। অৱশ্যে গুজৰাটৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতহে তেওঁলোক আহিব।

ৰাজ্যখনৰ নিৰ্বাচনী প্ৰস্তুতিক লৈ সন্তুষ্টি প্ৰকাশ কৰি কুমাৰে কয় যে প্ৰাথমিক ব্যৱস্থাসমূহ প্ৰায় সম্পূৰ্ণ হৈছে আৰু এই মুহূৰ্তত নিৰ্বাচনী দল গঠনৰ প্ৰক্ৰিয়া চলি আছে। তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্যখনৰ সুৰক্ষা ব্যৱস্থা, উৎসৱ আৰু শৈক্ষিক বিষয়সমূহ বিবেচনা কৰাৰ পিছত ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ তাৰিখ নিৰ্দ্ধাৰণ কৰিব।

ছিলং ভ্ৰমণত থকা নিৰ্বাচন আয়োগৰ দলটোৱে ইয়াৰ আগেয়ে বুধবাৰে ৰাজনৈতিক দলসমূহৰ উপৰিও সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এক বৈঠকত  মিলিত হৈছিল। বৈঠকৰ সময়ত ৰাজনৈতিক দলবোৰে ভি ভি পি এ টি সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰি কৈছিল যে ভোটদাতাসকলে ভোটদানৰ পিছত তেওঁলোকে ক’ত ভোট দিলে সেইটো প্ৰিন্ট আউটত চাবলৈ পোৱা উচিত। আনহাতে, মেঘালয়ত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হ’বলগীয়া ভি ভি পি এ টি সম্পৰ্কে ৰাইজক জনাবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিছে।

নিৰ্বাচনী আয়োগৰ দলটোৱে স্পষ্ট কৰি দিয়ে যে গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোত ভি ভি পি এ টি সংযুক্ত কৰাৰ পিছত ইভিএমৰ কাৰ্যকৰিতা সম্পৰ্কে কোনো সন্দেহৰ থল নাই। ভিভিপিএটি ত প্ৰিন্ট শ্লিপ ওলাওতে সাধাৰণতে ৭ ছেকেণ্ড লাগে যদিও এই সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত নিৰ্বাচনী বিষয়া কুমাৰে কয় যে সময় আৰু ভোটাৰৰ সংখ্যা কোনো সমস্যা নহয় কিয়নো নিৰ্বাচন আয়োগে ইতিমধ্যে নিৰ্দেশনা দিছে যে ভোটদান কেন্দ্ৰসমূহত নগৰাঞ্চলত ১৪০০ আৰু গ্ৰাম্যাঞ্চলত ১২০০ তকৈ অধিক ভোটাৰ থাকিব নোৱাৰিব।

তেওঁ লগতে জনায় যে ৰাজ্যখনত ভোটদান কেন্দ্ৰৰ সংখ্যা ৩০৮২ টালৈ বৃদ্ধি কৰা হৈছে। ২০১৩ চনৰ বিধানসভাৰ নিৰ্বাচনৰ তুলনাত ৫৯৭ টা ভোটদান কেন্দ্ৰ বৃদ্ধি কৰা হৈছে।