গুৰুজনাৰ জন্মস্থান বিতৰ্ক : মৰিগাঁৱৰ উপায়ুক্তৰ বিভ্ৰান্তিকৰ মন্তব্যত বটদ্ৰৱাত প্ৰতিক্ৰিয়া

সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে অসমৰ জাতীয় জীৱনক নতুন ৰঙেৰে সজাই তোলা মহাপুৰুষ শঙ্কৰ দেৱৰ জন্মস্থান প্ৰসংগত আদালতৰ মজিয়াত দুটা পক্ষৰ মাজত বিবাদ চলি থকাৰ মাজতে যোৱা ২৭ জুনত মৰিগাঁও জিলাৰ উপায়ুক্তই এটা ব্যক্তিগত বৈদ্যুতিন সংবাদ গোষ্ঠীয়ে আয়োজন কৰা ‘কণ্ঠ’ নামৰ এক অনুষ্ঠানত জন্মস্থান প্ৰসংগত কৰা কিছু বিভ্ৰান্তিমূলক বক্তব্যক কেন্দ্ৰ কৰি বটদ্ৰৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে আজি বিয়লিৰ ভাগত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে আয়োজন কৰা এখন সংবাদমেলত সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে জন্মস্থানৰ প্ৰসংগত মৰিগাঁৱৰ উপায়ুক্ত গৰাকীয়ে আগবঢ়োৱা বক্তব্যক নস্যাৎ কৰি তেওঁ‌ কয়, ‘জিলা উপায়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থাকি ৰাইজক বিভ্ৰান্ত কৰা বক্তব্য কেতিয়াও গ্ৰহণ যোগ্য হ’ব নোৱাৰে। এখন জিলাৰ মুৰব্বী এগৰাকীয়ে ক’ব নলগীয়া কথা কোৱাটো আমি নিবিচাৰো।’

তদুপৰি সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰা উপায়ুক্ত গৰাকীৰ উক্ত বক্তব্য আদালতৰ সিদ্ধান্ত নহয় বুলিও সাধাৰণ সম্পাদকগৰাকীয়ে  উল্লেখ কৰে।

সংবাদ মেলত উপস্থিত থাকি নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেবানন্দ দেৱ গোস্বামীয়ে আদালতত বিবাদ চলি থকা অৱস্থাত মৰিগাঁও জিলাৰ উপায়ুক্তক গুৰুজনাৰ জন্মস্থানৰ সিদ্ধান্ত দিয়াৰ কৰ্তৃত্ব কোনে দিলে বুলিও প্ৰশ্ন উৎখাপন কৰে।

এই গোচৰৰ বাদী-বিবাদী পক্ষৰ সাক্ষ্য গ্ৰহণ কাৰ্য চলি থকা অৱস্থাতে জিলা উপায়ুক্ত গৰাকীয়ে বিভ্ৰান্তিমূলক বক্তব্যৰে আদালতক পৰিচালনা কৰাৰ অপপ্ৰয়াস চলোৱাৰ গোন্ধ পোৱা যেন অনুমান হৈছে বুলিও সত্ৰাধিকাৰগৰাকীয়ে নিজৰ বক্তব্যত কয়।

বটদ্ৰৱা আৰু ধিং প্ৰেছ ক্লাবৰ সংবাদকৰ্মীসকলৰ উপস্থিতিত আয়োজন কৰা সংবাদ মেলখনত পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা, সহকাৰী সম্পাদকদ্বয় ইন্দ্ৰমোহন বৰুৱা আৰু যোগেন শইকীয়া, হেমৰাম বায়ন , লক্ষীকান্ত বৰা, হিমেশ্বৰ দাস, বিপিন বৰা, অনুপ মহেলা, তুলেশ্বৰ দৈমাৰী, পদুম কলিতা, খনিন্দ্ৰ গোস্বামী আৰু মন্টু বৰাকে প্ৰমুখ্য কৰি কাৰ্যনিৰ্বাহকৰ সদস্যসকল উপস্থিত আছিল।