গুৱাহাটীত উপস্থিত বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদ : দৰ্শন কৰিলে কামাখ্যা মন্দিৰ

Governor-of-Assam-Prof.-Jagdish-Mukhi-extends-warm-welcome-to-the-President-of-the-People%u2019s-Republic-of-Bangladesh-Md.-Abdul-Hamid-on-his-arrival-at-LGBI-Airport-Guwahati-on-Thursday.-570x320

বৃহস্পতিবাৰে গুৱাহাটীৰ এলজিবিআই বিমানবন্দৰত বাংলাদেশৰ ৰাষ্ট্ৰপতি ম: আব্দুল হামিদক অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে আদৰণি জনোৱাৰ মুহূৰ্তত

বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদ অসম ভ্ৰমণৰ বাবে বৃহস্পতিবাৰে বিয়লি এখন বিশেষ বিমানেৰে আহি গুৱাহাটীত উপস্থিত হৈছে।

ৰাষ্ট্ৰপতি হামিদক অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে দুগৰাকী কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত আৰু পৰিমল শুক্লবৈদ্যৰ সৈতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উষ্ম আদৰণি জনায়। বিমান বন্দৰত মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়া তথা আৰক্ষী বিষয়াসকল উপস্থিত আছিল।

ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ পত্নীৰ সৈতে কামাখ্যা মন্দিৰ দৰ্শন কৰে।

বৃহস্পতিবাৰে নিশা মহানগৰীত অসমৰ ৰাজ্যপালে বাংলাদেশৰ ৰাষ্ট্ৰপতিগৰাকীৰ বাবে এক অভ্যৰ্থনাৰ আয়োজন কৰিছে।

সূত্ৰসমূহে জনোৱা মতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাংলাদেশৰ ৰাষ্ট্ৰপতি গৰাকীক সম্বৰ্দ্ধনা জনাব আৰু দ্বিপাক্ষিক বিষয়, বিশেষকৈ বাণিজ্যিক তথা সাংস্কৃতিক সম্বন্ধ বৃদ্ধি কৰাৰ সম্পৰ্কত এক আলোচনাত মিলিত হ’ব।

সন্ধিয়া ৬ বজাৰ পৰা ভিভান্তা বাই তাজত বৈঠকৰ সময়সূচী নিৰ্দ্ধাৰণ কৰা হৈছে।

শুকুৰবাৰে হামিদ মেঘালয়লৈ বুলি ৰাওনা হ’ব। দুখন বায়ুসেনা বাহিনীৰ হেলিকপ্তাৰেৰে ৰাষ্ট্ৰপতিৰ দলটোক পূব খাচী পাহাৰৰ সৰু চহৰ বালাটলৈ লৈ যাব য’ত তেওঁ বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। পূব গাৰো পাহাৰ জিলাৰ উপায়ুক্ত পি এছ খাৰে কয় যে চুবুৰীয়া ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি হামিদৰ ভ্ৰমণৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।

বালাটৰ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে শ্বিলঙলৈ আহিব য’ত তেওঁ বিধান চন্দ্ৰ ৰায় (পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী) বাসভৱন আৰু ছিদলি হাউছ পৰিদৰ্শন কৰিব। ছিডলি হাউছত নোবেল বিজয়ী ৰবীন্দ্ৰ নাথ ঠাকুৰে ১৯২৭ চনত তেওঁৰ তৃতীয় ভ্ৰমণৰ সময়ছোৱাত থাকিবলৈ লৈছিল।

শ্বিলঙৰ ৰাজভৱনত নিশা কটোৱাৰ পিছত হামিদ গুৱাহাটীলৈ ঘুৰি আহিব আৰু অহা ১১ মাৰ্চত নতুন দিল্লীলৈ ৰাওনা হ’ব।