গুৱাহাটীত চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠান স্থাপনৰ বাবে আগ্ৰহী বলিউডৰ পৰিচালক সুভাষ ঘাই

Subhas Ghai at Advantage Assam Summit

প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক সুভাষ ঘায়ে আজি গুৱাহাটীত অনুষ্ঠিত আন্তৰ্জাতিক বিনিয়োগকাৰীৰ সন্মিলন ‘এডভান্টেজ আছাম’ত অংশগ্ৰহণ কৰি মহানগৰীত এখন চলচ্চিত্ৰ প্ৰতিষ্ঠান আৰু এটা ষ্টুডিঅ’ প্ৰতিষঠা কৰাৰ প্ৰতি আগ্ৰহ ব্যক্ত কৰে।

অসমীয়া ছবি উদ্যোগক টনকিয়াল কৰি তুলিবলৈ বলিউডৰ পৰিচালকজনে অসম চৰকাৰৰ সহযোগত ছবিজগতৰ লগত সাঙোৰ খাই থকা বিভিন্ন বিষয় সমূহৰো পৰিৱৰ্তন সাধনৰ পোষকতা কৰে।

আজিৰ সন্মিলনত ভাগ লৈ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুম্বাই আৰু চেন্নাইৰ ছবি নিৰ্মাতা সকলক অসমৰ পটভূমিত ছবি নিৰ্মাণ কৰিবলৈ আহ্বান জনায়।

সুভাষ ঘায়ে কয় যে সৰ্বানন্দ সোণোৱালেই হৈছে অসমৰ প্ৰথমজন ব্যক্তি যি মুম্বাইৰ চলচ্চিত্ৰ নিৰ্মাতাক অসমত বিনিয়োগ কৰিবৰ বাবে আমন্ত্ৰণ কৰি আনিছে।

উল্লেখ্যযোগ্য যে হিন্দী ছবি জগতত এখন সুকীয়া আসন দখল কৰা ঘায়ে প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত পদাৰ্পণ কৰি উল্লসিত হৈ পৰে। ৰাজ্যৰ সাংস্কৃতিক জগতৰ লগত জ্‌ড়িত ব্যক্তিসকল, সাংবাদিকৰ দলে তেওঁৰ লগত মত বিনিময় কৰে।