গুৱাহাটীত ৰাজহ চোৰাংচোৱাৰ অভিযানত ১৪ কেজি সোণ জব্দ

গুবাহাটীৰ বামুনীমৈদামত কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা শাখাই জব্দ কৰা সোণ

গুৱাহাটীত কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱাৰ বিষয়াই অভিযান চলাই বৃহস্পতিবাৰে বৃহৎ পৰিমানৰ সোণ জব্দ কৰিবলৈ সক্ষম হৈছে। মহানগৰীৰৰ বামুনীমৈদামৰ পৰা কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা শাখাৰ বিষয়াই জব্দ কৰা চোৰাং সোণখিনৰ মূল্য প্ৰায় ৪.৪৫ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

ৰাজহ চোৰাংচোৱাৰ অভিযানত জব্দ কৰা সোণৰ পৰিমান হৈছে ১৪.৯৪ কিলোগ্ৰাম। প্ৰায় ৯০ টা টুকুৰা কি অনা সোণৰ বিস্কুটখিন ম্যানমাৰৰ পৰা চোৰাংকৈ অনা হৈছিল।

মণিপুৰৰ ইম্ফলৰ পৰা চোৰাং সোণখিনি এখন ব’লেৰো গাড়ীত কিঢ়িয়াই আনিছিল মণিপুৰৰ ইম্ফলৰ চোংথাম নেহৰু সিং আৰু পূব ইম্ফলৰ আৰন ৱাং খেইৰাক পামে। দুয়োজন অভিযুক্তকে ৰাজহ চোৰাংচোৱা শাখাই গ্ৰেপ্তাৰ কৰিছে আৰু সোণৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত চক্ৰৰ সন্ধান বিচাৰি জেৰা চলাই থকা হৈছে।

কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা শাখাৰ তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষত সংস্থাটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে পশ্চিমবংগত মুঠতে ২৫৩ কোটি টকাৰ চোৰাং সোণ জব্দ কৰিছে। এই জব্দ কৰা সোণৰ মূল্য হ’ব প্ৰায় ৭৫ কোটি টকা।

শেহতীয়াভাৱে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সোণকে ধৰি চোৰাং বেহাৰ কেইবাটাও ঘটনা ধৰা পেলাইছে চোৰাংচোৱা সংস্থাই। ম্যানমাৰৰ পৰা ভাৰত-বাংলাদেশ তথা ভূটানলৈ এই চোৰাং বেহা সম্প্ৰসাৰিত হোৱাৰ বাতৰি প্ৰকাশ পাইছে।