গুৱাহাটীলৈ প্ৰাকৃতিক গেছ পাইপলাইন সম্প্ৰসাৰিত কৰাত সেউজ সংকেত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ন্ত্ৰক পৰিষদৰ

pipeline-

য়ুনিয়ন পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে জনাইছে যে পেট্ৰলিয়াম এণ্ড নেছাৰেল গেছ ৰেগুৰেটৰী ব’ৰ্ডে গেছ অথৰিটি অৱ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা গুৱাহাটীলৈ  সম্প্ৰসাৰিত হ’বলগীয়া উৰ্জা গংগা পাইপলাইনলৈ সেউজ সংকেত প্ৰদান কৰিছে।

ইণ্ডিয়া টু’ডেত প্ৰকাশিত এটি প্ৰতিৱেদনত য়ুনিয়নপেট্ৰলিয়াম মন্ত্ৰীজনে কৈছে যে গেছ অথৰিটি অৱ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা জগদীশপুৰ-হালদিয়া-বোকাৰো-ধামৰা  প্ৰাকৃতিক গেছ পাইপলাইনৰ অবিশ্চেদ্য অংশ হিচাপে বাৰাউনী-গুৱাহাটী প্ৰাকৃতিক গেছ পাইপলাইনৰ নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণত চৰ্ত সাপেক্ষ অনুমতি প্ৰদান কৰিছে।

প্ৰতিৱেদন অনুযায়ী, গেছ অথৰিটি অৱ ইণ্ডিয়াই বৰ্তমানলৈকে ১২,৯৪০ কোটি টকা ব্যয়সাপেক্ষে উত্তৰ প্ৰদেশৰ জগদীশপুৰৰ পৰা পশ্চিমবংগৰ হালদিয়া আৰু ঝাৰখণ্ডৰ বোকাৰো আৰু উড়িষ্যাৰ ধামৰালৈকে ২,৬৫৫ কি:মি: পাইপলাইন বহুৱাইছে।

লোকসভাত উত্থাপিত এটা প্ৰশ্নৰ লিখিত উত্তৰত য়ুনিয়ন মন্ত্ৰীজনে কয় যে বিহাৰৰ বাৰাউনীৰ পৰা গুৱাহাটীলৈকে পাৰি দিবলগীয়া পাইপলাইনৰ দৈৰ্ঘ ৬৭২ কি:মি: হ’ব আৰু ইয়াৰ পৰিধি হ’ব ২৪ ইঞ্চি।

বাৰাউনীৰ প্ৰস্তাৱিত প্ৰধান ট্ৰাংক পাইপলাইনটো পশ্চিম বংগৰ শিলিগুড়ি, অসমৰ বঙাইগাওঁ আৰু পাছত গুৱাহাটীলৈ অনা হ’ব বুলি য়ুনিয়ন মন্ত্ৰীজনে জনাইছে।

এই প্ৰকল্পটো ২০২১-২২ চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব আৰু ব্যৱহাৰকাৰীৰ অধিকাৰ (আৰ অ’ ইউ) প্ৰাপ্তিৰ প্ৰথম জাননীৰ পৰা ৩৬ মাহৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব।

মন্ত্ৰীজনে জানিবলৈ দিয়া মতে এই বিষয়ত ২০১৮ৰ ফেব্ৰুৱাৰিৰ ৩ তাৰিখে অসম চৰকাৰ আৰু গেছ অথৰিটি অৱ ইণ্ডিয়া লিমিটেডৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বক্ষৰিত হয়।

বুজাবুজিৰ চুক্তি অনুযায়ী অসম চৰকাৰে  ৰাজ্য চৰকাৰৰ প্ৰচলিত নীতি/আইন/ব্যৱস্থা অনুসৰি  গেছ অথৰিটি অৱ ইণ্ডিয়াক সংশ্লিষ্ট বিভাগৰ পৰা প্ৰয়োজনীয় অনুমতি/পঞ্জীয়ন/ অনুমোদন/অনুমতি আদি লাভ কৰাৰ সুবিধা কৰি দিব।

প্ৰতিৱেদনত প্ৰকাশ হোৱা মতে জগদীশপুৰ-হালদিয়া-বোকাৰো-ধামৰা পাইপলাইনটো ২০১৯-২০ চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব।