গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰপতি : অসমৰ ঐতিহ্যৰ বিষয়ত আলোকপাত

চাৰিদিনীয়া কাৰ্যৰ্সূচীৰে উত্তৰ-পূব ভ্ৰমণলৈ অহা ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত উষ্ম আদৰণি জনোৱা হয়। নিজৰ ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে অসমক উত্তৰপূব তথা এছীয় দেশসমূহৰ দুৱাৰমুখ বুলি অভিহিত কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে অসমৰ গৌৰৱোজ্জল ইতিহাস স্মৰণ কৰি কয় যে মোগলক পৰাজিত কৰা বীৰ লাচিত বৰফুকন, সাংস্কৃতিক জগতৰ মহানায়ক জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ড০ ভূপেন হাজৰিকাৰ দৰে ব্যক্তিসকলে  নিজৰ নিজৰ ক্ষেত্ৰখনতে বৰঙনি যোগোৱাই নহয় লগতে সমাজলৈ আগবঢ়োৱা তেওলোকৰ বৰঙনিৰ দ্বাৰা অসম তথা ভাৰতবৰ্ষক বিশ্বৰ মঞ্চত প্ৰতিষ্ঠা কৰিছে।

ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ক নালন্দা বিশ্ববিদ্যালয়, তক্ষশীলা, বিক্ৰমশীলা আদি অতীতৰ কেইখনমান শৈক্ষিক প্ৰতিষ্ঠানৰ লগত তুলনা কৰি কয় যে এই বিশ্ববিদ্যালয়খনৰ অঞ্চলটোৰ শিক্ষা আৰু প্ৰগতিৰ ক্ষেত্ৰত জিলিকি উঠাৰ একেধৰণৰ সম্ভাৱনা আছে।

বিশাল প্ৰাকৃতিক সম্পদৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অসম তেল আৰু প্ৰাকৃতিক গেছ, বন, চাহ, খনিজ, বন্যপ্ৰাণী আদি বিভিন্ন প্ৰাকৃতিক সম্পদেৰে আশিসপুষ্ট আৰু সঠিক ব্যৱস্থাপনা, আন্ত:গাঁথনিৰ উন্নয়ন আৰু মানৱ সম্পদৰ বিকাশৰ জৰিয়তে ৰাজ্যখনত অধিক সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পৰা যায় আৰু পৰ্যটন খণ্ডত অসম অগ্ৰণী ৰাজ্য হৈ পৰিব পাৰে।

বৰাক আৰু ব্ৰহ্মপুত্ৰক অসমৰ জনজীৱনৰ জীৱনৰেখা বুলি অভিহিত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দুখন নদীয়ে সৃষ্টি কৰা উপত্যকাৰ অৱস্থানে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক এক্ট ইষ্ট পলিচিৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ সৈতে সম্পৰ্কিত কৰি তুলিব। এইক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথবাৱে কাম কৰি গৈছে বুলিও তেওঁ কয়।