গেংটকত ‘জ্ঞান মন্দিৰ’ নামৰ তথ্য আৰু অধ্যয়ন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিলে পৱন চামলিঙে

pawan chamling

ছিকিমৰ মুখ্য মন্ত্ৰী পৱন চামলিঙে সোমবোৰে গেংটকত ‘জ্ঞান মন্দিৰ’ নামৰ এটা তথ্য আৰু অধ্যয়ন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।

২.৩৬ একৰ ভূমি সামৰি লোৱা প্ৰায় ২০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া আন্তঃৰাষ্ট্ৰীয় মানৰ ‘জ্ঞান মন্দিৰ’এ ছিকিমৰ লোকসকলক জ্ঞান আহৰণ কৰাত প্ৰভুত সহায় কৰিব বুলি চামলিঙে মন্তব্য কৰে।

কলকাতাৰ আৰ্টেক কনছালটেণ্ট প্ৰাইভেট লিমিটেড নামৰ এখন ফাৰ্মে নিৰ্মাণ কৰিবলগীয়া কেন্দ্ৰটো ২০২১ চনৰ জানুৱাৰিত সম্পূৰ্ণ হৈ উঠিব।

২০ লাখ গ্ৰন্থ ৰাখিব পৰা উক্ত কেন্দ্ৰটোত বিভিন্ন ধৰণৰ আলোচনী, পাণ্ডুলিপি, ই-বুক আদি উপলব্ধ হ’ব।

অধ্যয়ন কেন্দ্ৰটোত কলা প্ৰদৰ্শণীৰ বাবে সুবিধা থকাৰ লগতে ই-গ্ৰন্থালয়, কৰ্মশালা আদিৰ বাবে সভা গৃহৰ ব্যৱস্থা থাকিব।