চলিত বৰ্ষতে ৰাজ্য চৰকাৰে চৰাঞ্চলত জৰীপৰ কাম আৰম্ভ কৰিব বুলি অসম বিধানসভাত সদৰি কৰিছে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।
অমিয় কুমাৰ দাস ইনষ্টিটিউট অফ ছচিয়েল চেইঞ্জ (অ’কেডি) এ এই জৰীপৰ কাম কৰিব। শুকুৰবাৰে বিধানসভাত এই কথা সদৰি কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পাটোৱাৰীয়ে কয় যে আগন্তুক বিত্তীয় বৰ্ষত এই কাম আৰম্ভ কৰিবলৈ প্ৰতিষ্ঠানটোক ৫০ লাখ টকা মোকলাই দিয়া হ’ব।
বিগত ২০০২-০৩ তে অন্তিমবাৰ চৰাঞ্চলত জৰীপ চলোৱা হৈছিল।
বিভিন্ন প্ৰাকৃতিক কাৰণত চৰৰ পৰিসৰ, স্থিতি আদিৰ সলনি হৈ থাকে। বহুসময়ত বানপানী আৰু গৰাখহনীয়াৰ ফলত একোটা চৰ নদীৰ বুকুত বিলীন হৈ যোৱাও দেখা যায়।
বিগত সময়ত পুনৰ চৰৰ জৰীপৰ কাম আৰম্ভ কৰাৰ দাবী উত্থাপিত হৈ আহিছে। চৰৰ প্ৰকৃত তথ্য নথকাৰ বাবে চৰসমূহত বিভিন্ন অসামাজিক কাৰ্যৰ ঘাটি হৈ পৰা বুলিও অভিযোগ আছে।
দীৰ্ঘদিন ধৰি চৰৰ বাসিন্দাসকলক মাটিৰ পট্টা দিয়াৰ দাবীও উত্থাপিত হৈ আহিছে। কিন্তু শেহতীয়াকৈ জৰীপ নোহোৱাৰ বাবেই এই সকলোবোৰ বিষয় ওলমি ৰৈছে।
বিধানসভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে চলিত বৰ্ষত চৰকাৰে চৰৰ জৰীপৰ পদক্ষেপ গ্ৰহণ কৰি চৰ উন্নয়নৰ বাবে কাৰ্যকৰী ব্যৱস্থা ক্ষিপ্ৰ গতিত ৰূপায়ন কৰিব।
‘’চৰৰ উন্নয়ন নোহোৱাৰ মূল কাৰণটো হ’ল ইয়াৰ বাসিন্দাসকলক ভোটবেংক হিচাপে ব্যৱহাৰ কৰাটো। ভোটবেকৰ ৰাজনীতিত চৰৰ উন্নয়ন সম্পূৰ্ণৰূপে স্থৱিৰ হৈ পৰিছে। চৰত মাতব্বৰীৰাজ চলে আৰু তেওঁলোকেই ভোটবেংকৰ ৰাজনীতিৰ নেতৃত্ব লয়,’’-পায়োৱাৰীয়ে সদনত এইদৰে কয়।
চৰৰ মহিলাৰ শিক্ষাৰ উন্নয়নৰ বাবে অসম চৰকাৰে মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও পাটোৱাৰীয়ে প্ৰকাশ কৰে।