• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘চাওতালসকল বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ’- বোকাখাটত আন্তৰ্জাতিক চাওতাল অধিৱেশনত ঘোষণা মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2018 9:47 pm
cm at santhal conference in bokakhat

বোকাখাটত চাওতাল অধিৱেশনত মুখ্য মন্ত্ৰী

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাজ্যখনৰ অৰ্থনীতিলৈ চাওতাল সম্প্ৰদায়ৰ জনসাধাৰণে বৃহৎ বৰঙণি যোগাই আহিছে। চাওতালসকল বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ।’ আজি গোলাঘাট জিলাৰ বোকাখাত নাট্য মন্দিৰত আন্তৰ্জাতিক চাওতাল পৰিষদৰদ্বাৰা আয়োজিত অষ্টম দ্বি-বাৰ্ষিক আন্তৰ্জাতিক চাওতাল অধিৱেশনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভাষণ প্ৰসংগত এইদৰে কয়।

চাওতাল সকলৰ ‘অ’লচিকি’ ভাষা সংৰক্ষণৰ লগতে তেওঁলোকৰ বৰ্ণিল সংস্কৃতি তথা ৰীতি-নীতি আৰু সাহিত্য সংৰক্ষণৰ ওপৰতো মুখ্য মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।

ৰাজ্যখনৰ চাহ সম্প্ৰদায়ৰ এক বৃহৎ সংখ্যক জনসাধাৰণ চাওতাল সম্প্ৰদায়ৰ বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণকামী আঁচনিৰ সা-সুবিধাৰে লাভৱাম্বিত হোৱাৰ বাবে এই সম্প্ৰদায়ৰ লোকসকলক আহ্বান জনায়।

ৰাজ্যখনৰ চাহ বাগিচা সমূহত বহু সংখ্যক ক্ৰীড়া প্ৰতিভা আছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে এই ক্ৰীড়া প্ৰতিভা সমূহ বিকশাই তোলাৰ ওপৰত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলি কয়। ইয়াৰ বাবে ‘মুখ্য মন্ত্ৰীৰ চাহ বাগিচা ফুটবল প্ৰতিযোগিতা’ৰ আয়োজন কৰা হৈছে বুলিও মুখ্য মন্ত্ৰীয়ে কয়। ইয়াৰ জৰিয়তে চাহ বাগিচা অঞ্চলত থকা পাৰদৰ্শী ফুটবল খেলুৱৈ সকলক চিনাক্তকৰণ কৰি ৰাজ্য চৰকাৰে স্থাপন কৰিব লগীয়া ক্ৰীড়া বিদ্যালয়ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

ৰাজ্যখনৰ ঔদ্যোগিক খণ্ডত কষ্টসহিষ্ণু চাওতাল সম্প্ৰদায়ৰ লোকসকলে বৃহৎ বৰঙণি যোগাই আহিছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে এই সম্প্ৰদায়ৰ বিভিন্ন দাবী পূৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে নিষ্ঠাসহকাৰে কাম কৰি আছে বুলিও কয়।

অনুষ্ঠানত বক্তব্য ৰাখি চাহ জনজাতি কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দসে সম্প্ৰদায়ৰ ধনুবিদ্যাৰ ক্ষেত্ৰত থকা বিশেষ পাৰদৰ্শিতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত এখন আৰ্চাৰি একাডেমি স্থাপনৰ বাবে ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি কয়।

উল্লেখযোগ্য যে আন্তৰ্জাতিক চাওতাল পৰিষদ হ’ল ভাৰতৰ লগতে নেপাল, বাংলাদেশ, ভূটান, মৰিচাছ আদিৰ দৰে দেশসমূহত বসবাস কৰি থকা চাওতাল সম্প্ৰদায়ৰ লোকসকলৰ এক উমৈহতীয়া মঞ্চ।

অনুষ্ঠানটোত কৃষি মন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা আন্তৰ্জাতিক চাওতাল পৰিষদৰ সভাপতি পৃথিবী মাঝিয়েও ভাষণ প্ৰদান কৰে। লগতে দেশৰ তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ চাওতাল সম্প্ৰদায়ৰ প্ৰতিনিধিৰ উপৰি আন্তৰ্জাতিক চাওতাল সন্মিলনৰ প্ৰতিনিধি বৰ্গইও অংশ গ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd