• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

চাকৰি নে ব্যৱসায় কৰিব?

ড° বুলজিৎ বুঢ়াগোহাঁই by ড° বুলজিৎ বুঢ়াগোহাঁই
January 6, 2018 3:00 pm
চাকৰি নে ব্যৱসায় কৰিব?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লক্ষণীয় বিষয় যে, শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বহু ক্ষেত্রত আমাৰ ৰাজ্যখনৰ বহুসংখ্যক যুৱক-যুৱতীয়ে চৰকাৰী অথবা ব্যক্তিগত প্রতিষ্ঠানত আশা কৰা মতে নিযুক্তি লাভ কৰিবলৈ সক্ষম নহয়। ফলত ৰাজ্যখনত নিবনুৱা সমস্যাই গা কৰি উঠিছে। আমি সকলোৱে বুজা উচিত যে, কেৱল চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যাৰ সমাধান কেতিয়াও সম্ভৱ নহয়। চাকৰিৰ বাহিৰেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্যৰ জৰিয়তে নিজে উপাৰ্জনক্ষম হৈ উঠাৰ লগতে আনকো নিয়োগৰ সুবিধা প্রদান কৰিব পাৰি। এই সম্পৰ্কে চৰকাৰী, বে-চৰকাৰী, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ছাত্র সংগঠনসমূহে ৰাজ্যখনৰ সকলো অঞ্চলতে সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি ছাত্র-ছাত্রী তথা যুৱক-যুৱতীসকলক কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ বিষয়ে ভালদৰে বুজাই দিয়াৰ লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় অনুষ্ঠানসমূহৰ বিষয়েও বিতংকৈ জনাব লাগে। তদুপৰি, বাতৰি কাকত আৰু আলোচনীসমূহেও সামাজিক দায়বদ্ধতাৰে সমাজ আৰু ৰাজহুৱা স্বাৰ্থৰ প্রতি লক্ষ্য ৰাখি ‘স্বনিয়োজন’ৰ বিভিন্ন দিশ সামৰি নিয়মীয়াকৈ লেখা প্রকাশ কৰিলেও জনসাধাৰণ লাভৱান্বিত হ’ব। চৰকাৰী চাকৰিৰ অবিহনেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰিও যে সন্মানীয় জীৱন নিৰ্বাহ কৰিব পাৰি সেই কথা উপলব্ধি কৰি কিছু সংখ্যক যুৱক-যুৱতীয়ে স্বনিয়োজনৰ পথ বাচি ল’লে নিবনুৱা সমস্যা অলপ হ’লেও কমিব বুলি আশা কৰিব পাৰি।

 

এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে,কেৰিয়াৰৰ ক্ষেত্রত কোনো ব্যক্তিয়েই এশ শতাংশ সন্তুষ্টি লাভ নকৰে। কোনো ব্যক্তিয়ে হয়তো দৰমহাক লৈ সন্তুষ্ট নহ’ব পাৰে, কোনোবাজন হয়তো কৰ্মস্থলীলৈ নতুবা সহকৰ্মীকলৈ সন্তুষ্ট নহ’ব পাৰে ইত্যাদি। ব্যক্তিগত খণ্ডত সৎভাৱে চাকৰি কৰি বা ব্যৱসায়-বাণিজ্য কৰি জীৱন ধাৰণ কৰি থকাসকলে চৰকাৰী খণ্ডত নিযুক্তি লাভ কৰা নাই বুলি হীনমন্যতাত ভোগা উচিত নহয়। তদুপৰি,ব্যক্তিগত খণ্ডৰ চাকৰিয়াল তথা ব্যৱসায়-বাণিজ্য কৰা ব্যক্তিসকলক চৰকাৰী খণ্ডৰ চাকৰিয়ালসকলৰ দৰে সম দৃষ্টিৰে নোচোৱাৰ মানসিকতা পৰিহাৰ কৰিব পাৰিলেহে সমাজৰ প্রত্যেকজন ব্যক্তিৰে যিকোনো কৰ্মৰ প্রতি আগ্রহ বৃদ্ধি হ’ব। উদ্যোগীসকলে নিজে উপাৰ্জন কৰাৰ লগতে আনকো নিয়োগৰ সুবিধা প্রদান কৰিব পাৰে। চাকৰিয়ালৰ উপাৰ্জন সীমিত কিন্তু উদ্যোগীৰ নহয়। উদ্যোগীসকলে যিমানেই যত্ন কৰে সিমানেই উপাৰ্জনো বৃদ্ধি হয় আৰু নতুন নতুন দিশত কাম সম্প্রসাৰিত কৰিব পাৰে। চাকৰিয়ালসকল সদায় সীমাৰ মাজত আবদ্ধ। চাকৰিয়ালসকলৰ দিনটোৰ বাবে নিৰ্দিষ্ট কৰ্মৰ সময় থাকে কিন্তু উদ্যোগীসকলৰ ক্ষেত্রত কৰ্মৰ কোনো নিৰ্দিষ্ট সময় সীমা নাথাকে। সাধাৰণতে, চাকৰি কৰি সৎ উপায়েৰে ধনী হোৱাটো সম্ভৱ নহয় কিন্তু সৎ উপায়েৰে উদ্যোগ স্থাপন কৰি বা ব্যৱসায় কৰি ধনী হোৱা সম্ভৱ।

 

ব্যৱসায়-বাণিজ্য বা উদ্যোগ স্থাপন কৰিবলৈ প্রয়োজন হোৱা বিভিন্ন ধৰণৰ ঋণ আৰু সাহায্য আঁচনিৰ বিষয়ে পৰামৰ্শ গ্রহণ কৰিবলৈ আগ্রহী ব্যক্তিয়ে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্র, চৰকাৰী বিভাগ অনুষ্ঠান-প্রতিষ্ঠানবোৰৰ উপৰি ৰাষ্ট্রীয় আৰু ৰাজ্যিক বিত্তীয় অনুষ্ঠান, ৰাষ্ট্রীয়কৃত বেংকসমূহত যোগাযোগ কৰিব পাৰে। যেনে-ৰাষ্ট্রীয় ঔদ্যোগিক বিত্তীয় নিগম (Industrial Finance Corporation of India ,https://www.ifciltd.com), ভাৰতীয় লঘু উদ্যোগ বিকাশ বেংক (Small Industries Development Bank of India ,https://www.sidbi.in), ৰাষ্ট্রীয় লঘু উদ্যোগ নিগম (National Small Industries Corporation ,www.nsic.co.in), ৰাষ্ট্রীয় কৃষি আৰু গ্রামীণ উন্নয়ন বেংক (National Bank for Agriculture and Rural Development , https://www.nabard.org), ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক(Industrial Development Bank of India , http://www.idbi.com), নেডফি (North Eastern Development Finance Corporation Ltd , www.nedfi.com), অসম বিত্তীয় নিগম (Assam Financial Corporation , www.afconline.gov.in), অসম ঔদ্যোগিক নিগম (Assam Industrial development Corporation,www.aidcltd.com), অসম লঘু উদ্যোগ নিগম (Assam Small Industries Development Corporation,http://www.assamsidcltd.com), ভৈয়াম জনজাতি উন্নয়ন নিগম, অনুসূচিত জাতি উন্নয়ন নিগম,অন্যান্য পিছপৰা জাতি উন্নয়ন নিগম আদি। সেইদৰে ৰাষ্ট্রীয়কৃত বেংকবিলাকৰো নিজা নিজা কিছুমান ঋণ আৰু সাহায্য আঁচনি আছে ।

ব্যৱসায়-বাণিজ্য বা উদ্যোগ স্থাপনৰ বাবে প্রশিক্ষণ প্রদান কৰা অসমৰ কেইটামান প্রতিষ্ঠান হ’ল :

১। ৰাজ্যিক গ্রামোন্নয়ন প্রতিষ্ঠান (State Institute of Rural Development, http://www.sirdassam.in)

 

২। আই আই ই (Indian Institute of Entrepreneurship ,http://iie.nic.in)

 

৩। চিপেট (Central Institute of Plastic Engineering and Technology, http://www.cipet.gov.in)

৪। ফাইনাৰ (Federation of industries & Commerce of North Eastern region, http://www.finer.in)

 

৫। ভাৰতীয় উদ্যমিতা বিকাশ প্রতিষ্ঠান (Entrepreneurship Development Institute of India, http://www.ediindia.org) ইত্যাদি ।

 

অসমত মহিলাই স্থাপন কৰিব পৰা কিছুমান উদ্যোগ তথা ব্যৱসায় হ’ল- বিউটি পাৰ্লাৰ, নাৰ্চাৰী,অসমীয়া গহনা বিক্রীৰ প্রতিষ্ঠান, কম্পিউটাৰৰ প্রয়োজনীয় সামগ্রী যোগান, টিভি মেৰামতি, কুকুৰা, ছাগলী,গৰুৰ ফাৰ্ম, পোহনীয়া জন্তু, চৰাইৰ বিক্রী কেন্দ্র, কুৰিয়াৰ ছাৰ্ভিচ, কিতাপ, আলোচনী আদি বন্ধা, মাছৰ একুৰিয়াম, কেটাৰিং ছাৰ্ভিচ, মটৰ ড্রাইভিং স্কুল, কেৰিয়াৰ কাউন্সেলিং, স্কুল আৰু কলেজৰ ছাত্র-ছাত্রীৰ য়ুনিফৰ্ম, এম্ব্রইডাৰি, পুতলা নিৰ্মাণ, বুক বাইণ্ডিং, ফটোষ্টেট আৰু লেমিনেইশ্যন, ডি টি পি, ভিডিঅ’ ৰেকৰ্ডিং, ট্রেভেল এজেন্সি, পৰ্যটন সেৱাকেন্দ্র, ভাড়াত গাড়ী দিয়া, পেকেজিং উদ্যোগ, আচাৰ আৰু জাম-জেলি প্রস্তুত, কাঠফুলাৰ খেতি, ফুলৰ বাগিচা, বাঁহ-বেতৰ উদ্যোগ, গাখীৰৰ পৰা তৈয়াৰী বিভিন্ন সামগ্রী, ফাষ্ট ফুড ৰেস্তোৰাঁ, টেণ্ট হাউচ, মৰাপাটেৰে তৈয়াৰী বিভিন্ন সামগ্রী, আইচক্রীম, বেকাৰী, পিঠা আৰু লাডু প্রস্তুত, ক্রেচ, ছবি অঁকা স্কুল ,গানৰ স্কুল আদি ।

বৰ্তমান সময়ত বহুসংখ্যক যুৱক-যুৱতীক দেখা গৈছে যে, লাজ আৰু সংকোচৰ বাবে নিজ ৰাজ্যত কিছুমান বৃত্তিত নিয়োজিত হ’বলৈ নিবিচাৰে। কিন্তু বহিঃৰাজ্যত গৈ একেধৰণৰ বৃত্তিতে নিয়োজিত হৈ আছে। এই নিবনুৱা যুৱক-যুৱতীসকলে বহিঃৰাজ্যলৈ যোৱাৰ সলনি নিজ ৰাজ্যতে তেনেবোৰ বৃত্তিৰ প্রতি আগ্রহী হ’লে শাৰীৰিক, মানসিক তথা আৰ্থিকভাৱেও যে লাভান্বিত হ’ব। এই সম্পৰ্কে সজাগতা আনিবৰ বাবে অসমৰ ছাত্র সংগঠনবোৰ তথা স্বেচ্ছাসেৱী অনুষ্ঠান, চৰকাৰী, বে-চৰকাৰী অনুষ্ঠান আৰু ছ’চিয়েল নেটৱর্কিং ছাইটৰ অসমৰ হকে কাম কৰি থকা বিভিন্ন গোটবোৰ আগ বাঢ়ি আহিলে ভাল হয়।

ড° বুলজিৎ বুঢ়াগোহাঁই, সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজি, গুৱাহাটী-১৭, ফোন: ০৯৪৩৫১৮৮৬৩০ ই-মেইল: [email protected]

ড° বুলজিৎ বুঢ়াগোহাঁই

ড° বুলজিৎ বুঢ়াগোহাঁই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

August 26, 2025 6:30 am
ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

August 26, 2025 6:30 am
ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd