চামগুৰিৰ খলিহামাৰীত মেৰামতিৰ অভাৱত জহি খহি গৈছে কাঠৰ দলং

ভগা দলং

চামগুৰিৰ খলিহামাৰীৰ ডিজু নৈৰ ওপৰৰত জৰাজীৰ্ণ কাঠৰ দলং। ফটো : নৰ্থইষ্ট নাও

নগাঁও জিলাৰ চামগুৰি সমষ্টি অন্তৰ্ভুক্ত বৃহত্তৰ খলিহামাৰীৰ ডিজু নৈৰ ওপৰৰ কাঠৰ দলংখন আজি চৰকাৰ তথা বিভাগীয় বিষয়াৰ অমনোযোগিতাৰ ফলতেই দিনক দিনে জহি খহি যাব ধৰিছে।

বৃহত্তৰ খলিহামাৰিকে ধৰি কেইবাটাও অঞ্চলৰ সৈতে চামগুৰি সমষ্টিৰ  আমনিক সংযোগ স্থাপন কৰা গ্ৰামাঞ্চলৰ একমাত্ৰ কাঠৰ দলংখন আজি জৰাজীৰ্ণ হৈ পৰিছে।

বিগত কংগ্ৰেছ  চৰকাৰক ৰাইজে বহু আবেদন-নিবেদন কৰি অহাৰ পিছতো কোনো ফল নধৰাত বহু বছৰ ধৰি অতি বিপদসংকুলভাৱে এই দলঙেৰে অহা-যোৱা কৰিবলৈ বাধ্য হোৱা বৃহত্তৰ অঞ্চলটোৰ বৃদ্ধ-মহিলা-শিশু তথা কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে  জীয়াতু ভূগিব লগা হৈছে।

সম্প্ৰতি বাৰিষাৰ সময়ছোৱাতে ডিজু নৈৰ ওফন্দি অহা বাঢ়নী পানীয়ে দলংখন উটুৱাই নিয়াৰ আশংকা কৰিছে  অঞ্চলবাসীয়ে। সেয়েহে অৱশেষত অতিষ্ঠ হৈ দেওবাৰে ৰাইজ ওলাই আহি শীঘ্ৰে দলংখনৰ পকীকৰণ কৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজক সকাহ দিবৰ বাবে নৱ-নিযুক্ত গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছে।

আনহাতে, উক্ত দলংখনৰ অৱস্থা দেখি ৰাইজৰ লগতে অঞ্চলটোলৈ বিভিন্ন কাৰণত অহা ভ্ৰমণকাৰীসকলে সাধাৰণ ৰাইজৰ প্ৰতি চৰকাৰৰ দৃষ্টিভংগীক ধিক্কাৰ দিয়াৰ লগতে যাতায়তৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত চৰকাৰে অধিক নজৰ দিয়াৰ প্ৰয়োজনীয়তাৰ কথাও ব্যক্ত কৰে।