চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত বোকাখাতত ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

Indian Tea Mazdoor Union

অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ চাহ শ্রমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা আৰু নাগৰিকত্ব সংশােধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ভাৰতীয় চাহ মজদুৰ সংঘৰ বোকাখাত শাখাই দুঘণ্টাজোৰা ধর্ণা কাৰ্যসূচী পালন কৰে।

ধৰ্ণা কাৰ্যসূচীৰ লগতে শ্ৰমিক সংগঠনটোয়ে উল্লেখিত দাবীৰে বোকাখাতৰ মহতুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্ৰত উল্লেখ কৰা মতে ৰাজ্যখনত প্রায় ৯০০ খন চাহ-বাগিচা আছে , য’ত প্রত্যক্ষ আৰু পৰােক্ষ ভাবে প্রায় ৮০ লাখ চাহ শ্রমিক কৰ্মৰত হৈ আছে।

চাহ শ্ৰমিকৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱেই মজুৰিৰ সমস্যা বুলি উল্লেখ কৰি তেওঁলোকে কয় যে ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমৰ চাহ শ্ৰমিকৰ মজুৰি একেবাৰে ন্যূনতম। যি সময়ত কেৰেলাৰ শ্ৰমিকে প্ৰতিদিনে ৩১০.০৮ টকা, কর্ণাটকত ২৬৩.২১ টকা আৰু তামিলনাড়ুত ২৪১.৩১ টকাৰ মজুৰি পায় সেইসময়ত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা শ্রমিকে প্ৰতিদিন মাত্ৰ ১৩৭ টকা, আৰু বৰাক উপত্যকাৰ শ্ৰমিকে পায় ১১৫ টকা মজুৰীহে পায়।

বর্তমান বয়বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়ত এই মজুৰিত এটা পৰিয়ালৰ ভৰণ পোষণ অসম্ভৱ বুলি সংগঠনটোৱে কয়। স্মাৰকপত্ৰত উল্লেখ কৰা মতে ২০১৪ চনত সম্পাদিত চাহ শ্ৰমিকৰ তিনি বছৰীয়া মজুৰি চুক্তিখনৰ ম্যাদ উকলি যোৱাৰ পিছত ২০১৮ চনৰ পহিলা জানুৱাৰিৰ পৰা বৰ্দ্ধিত হাৰত চাহ শ্ৰমিকে দৈনিক মজুৰি লাভ কৰিব লাগিছিল যদিও ভৰতীয় চাহ মজদুৰ সংঘৰ মতে  কাৰ্যক্ষেত্ৰত তেনে হােৱা দেখা নায়।

সেয়েহে আজিৰ এই দুঘণ্টীয়া ধর্ণা কাৰ্যসূচীৰ জৰিয়তে জুন মাহৰ ভিতৰত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ চাহ শ্রমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ বাবে ভাৰতীয় চাহ মজদুৰ সংঘই দাবী জনায়।