মঙলবাৰে চন্দ্ৰপুৰৰ প্ৰাগজ্যোতিষপুৰ থানাৰ সমীপত সংঘটিত হোৱা শোকাৱহ পথ-দুৰ্ঘটনাৰ ফলত এজন যুৱকৰ মৃত্যু হয়। জানিব পৰা মতে, গুৱাহাটীৰ বৰবাৰীৰ বাসিন্দা দেৱ ৰহাঙৰ পুত্ৰ দুলু ৰহাং ভোগালী বিহুৰ বাবে ঠাকুৰকুছি গাঁৱৰ শহুৰেকৰ ঘৰলৈ আহিছিল। তেওঁ পৰিয়ালৰ সদস্য কেইজনক শহুৰেকৰ ঘৰত থৈ বন্ধু এজনৰ মটৰ চাইকেলেৰে গোৱৰ্ধন বজাৰলৈ মোবাইল ক্ৰয় কৰিবলৈ ওলাই আহিছিল। কিন্তু গোৱৰ্ধনৰ পৰা উভতি আহি থকা অৱস্থাতে নাৰেংগীৰ পৰা চন্দ্ৰপুৰ অভিমুখী তীব্ৰবেগীৰে অহা চিমেণ্ট কঢ়িওৱা এ এছ-০১/ডি চি-০৯৬৩ নম্বৰৰ এখন ট্ৰাকে মটৰ চাইকেলখনক খুন্দামৰাত দুলু ৰহাং ট্ৰাকখনৰ চকাৰ তলত সোমাই যায়। ফলত যুৱকজনৰ থিতাতে মৃত্যু হয়। চিমেণ্ট কঢ়িওৱা ট্ৰাকখনে দুৰ্ঘটনাটো সংঘটিত কৰিয়ে পলায়ন কৰে যদিও একাংশ লোকে ট্ৰাকখনক পিছে পিছে গৈ চন্দ্ৰপুৰ বাগিছাত জব্দকৰে। অৱশ্যে ট্ৰাকখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে নিহত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
চিমেণ্ট কঢ়িওৱা ট্ৰাকৰ খুন্দাত বৰবাৰীৰ এজন যুৱকৰ মৃত্যু
-
By NE NOW NEWS
- Categories: অসম
Related Content
বিদেশত মেডিকেল পঢ়িবলৈ গৈ মাৰাত্মক বিপদত ভাৰতীয় শিক্ষাৰ্থী; সতৰ্ক কৰি দিলে বিদেশ মন্ত্ৰালয়ে
By
এন ই নাও নিউজ
May 18, 2024 2:53 pm
সম্বিৎ ঘূৰি অহা নাই স্মাৰ্ট আৰক্ষীৰ! গুৱাহাটীত সপ্তম শ্ৰেণীৰ কিশোৰীক অপহৰণ কৰি ধৰ্ষণ
By
এন ই নাও নিউজ
May 18, 2024 2:45 pm
মেঘালয়মুখী হৈছে অসমৰ মদৰ দামত অতিষ্ঠ সুৰাপায়ী! ৩৩% হ্ৰাস পাইছে সুৰাৰ বিক্ৰী
By
এন ই নাও নিউজ
May 18, 2024 1:36 pm
ৰে’লযাত্ৰীৰ বাবে ডাঙৰ খবৰ! ৰে’ল সেৱাৰ বাতিলকৰণ, সময় পুনৰ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ তথা পথ পৰিৱৰ্তন
By
এন ই নাও নিউজ
May 18, 2024 1:34 pm
ৰঞ্জিত-আইজং পাহৰি যাওক : আপোনাৰ ভঁৰাল ভৰাবলৈ আহিছে প্ৰচুৰ, শতাব্দী আৰু পাটকাই
By
এন ই নাও নিউজ
May 18, 2024 12:16 pm
শ্বাহৰুখক লৈ প্ৰীতি জিন্তাই কৰা মন্তব্যত তোলপাৰ বলীউডত! কি এনে কথা ক’লে প্ৰীতিয়ে?
By
এন ই নাও নিউজ
May 18, 2024 11:57 am