চি বি আইৰ বিচাৰপতি বি. এইছ. লয়াৰ মৃত্যু ৰহস্যৰ আৱৰ্ততঃ ৰিপুন বৰা

অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা

ফাইল ফটো।

২০১৪ চনত সংঘটিত এটা মৃত্যুকাণ্ডক লৈ আজি অসম কংগ্ৰেছ সৰৱ হোৱা পৰিলক্ষিত হৈছে।  ৰেলত গৈ থকা অৱস্থাত চি বি আই বিচাৰপতি বি. এইছ. লয়াই ৰহস্যজনক ভাবে মৃত্যুক সাবটি লৈছিল। সেয়েহে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাৰ উদ্যোগত পাণবজাৰস্থিত মেঘদূত ভৱনত এটা মৌন প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। চাৰিবছৰ পূৰ্বে মৃত্যুক আকোৱালি লোৱা ন্যায়াধীশগৰাকীৰ পৰিয়ালৰ লোকে তেওঁৰ এই মৃত্যুক সাধাৰণ মৃত্যু বুলি মানি ল’ব বিচৰা নাই বুলি অভিহিত কৰে অসম প্ৰদেশ কংগ্ৰেছে।

উল্লেখযোগ্য যে প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই ন্যায়াধীশগৰাকীৰ মৃত্যু ৰহস্যৰ আবৰ্তত সোমাই পৰা বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে। তেওঁ কয় যে সেইসময়ত বিচাৰপতিজনে দেশৰ অতি স্পৰ্শকাতৰ বিষয় এটাৰ ওপৰত বিচাৰ কৰি আছিল আৰু তেনে সময়তে মৃত্যুক আকোৱালি লোৱা ঘটনাটো অতি ৰহস্যজনক।

আনহাতে তেওঁ ন্যায়াধীশজনৰ মৃত্যুৰ আঁৰত থকা ৰহস্য উদঘাটন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে উচ্চতম ন্যায়ালয়ৰ ওচৰত উচ্চস্তৰীয় তদন্তৰ দাবী কৰে। তদুপৰি  চি বি আই বিচাৰপতি লয়াৰৰ ৰহস্যজনক মৃত্যুৰ আঁৰৰ কাহিনী সমগ্ৰ দেশবাসীয়ে জানিব লাগিব বুলিও মন্তব্য কৰে। এই প্ৰতিবাদী কাৰ্য্যসূচীত উকীল সন্থাৰ লগতে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে, দুলু আহমেদ, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি হিৰণ্য ভূঞাৰ উপৰি মহিলা কংগ্ৰেছেও অংশ লয়।