চুতীয়া জাতিক বঞ্চনা কৰি অহাৰ প্ৰতিবাদত ১৬ ফেব্ৰুৱাৰীত লাষ্টগেট, দিল্লীৰ যন্তৰ-মন্তৰত অৱস্থান ধৰ্মঘট

Royal symbol of Sutiya Kingdom

চুতীয়া জাতিক ‘সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে’ বঞ্চনা কৰি অহাৰ প্ৰতিবাদত আৰু তেওঁলোকৰ ন্যায্য দাবী পূৰণৰ বাবে চৰকাৰক হেঁচা দিয়াৰ উদ্দেশ্যে অহা ১৬ ফেব্ৰুৱাৰীত জনগোষ্ঠীটোৰ আটাইকেইটা সংগঠনে দিচপুৰ লাষ্টগেটত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব।

সোমবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে এই কথা জানিবলৈ দিয়ে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিপ্ৰসাদ চুতীয়া, কাৰ্যকৰী সভাপতি সমীৰণ বৰা আৰু সদৌ চুতীয়া জাতি  সন্মিলনৰ মুখপাত্ৰ প্ৰাঞ্জল ৰাজখনিকৰে।

একেটা দিনতে নতুন দিল্লীৰ যন্তৰ-মন্তৰত একেই দাবী লৈ অৱস্থান ধৰ্মঘট কৰিব বুলে বিবৃতিটোত জানিবলৈ দিয়ে।

বিবৃতিটোত তেওঁলোকে, অনুসূচিত জনজাতি হোৱাৰ সকলো স্বকীয় বৈশিষ্ট্য থকা সত্ত্বেও চুতীয়াসকলে জনজাতিকৰণৰ বাবে সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে বুলি ক্ষেদ প্ৰকাশ কৰে।

 

ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মডেলিটী প্ৰস্তুত সন্দৰ্ভত পূৰ্বৰ প্ৰতিশ্ৰুতি ভংগ কৰাৰ লগতে অসম চৰকাৰে এই ক্ষেত্ৰত দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে বুলি তেওঁলোকে অভিযোগ কৰে।

আনহতে ট্ৰাইবেল সংঘ আৰু জনজাতি সমন্বয়ৰক্ষী মঞ্চৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধী স্থিতি সন্দৰ্ভটো তেওঁলোকে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে।

 

সংগঠনকেইটাই ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ বগীবিল দলঙৰ নাম ‘বীৰাংগনা সতী সাধনী’ নামকৰণৰ লগতে ‘বীৰাংগনা সতী সাধনী’ দিৱসৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিবলৈও দাবী জনায়।