চোৰ-ডকাইত ধৰা বাদ দি চোৰৰ দৰে আত্মগোপন স্বয়ং আৰক্ষী বিষয়াৰ : হস্তাক্ষৰ পৰীক্ষা দি উধাও ডি এছ পি কবিতা দাস

KabitaDas

ডি এছ পি কবিতা দাস। ফাইল ফটো।

এ পি এছ চিৰ কেলেংকাৰিৰ তদন্তই এতিয়া ত্ৰাসিত কৰি তুলিছা আৰক্ষী বিষয়াকো। ধনৰ বিনিময়ত চাকৰি যোগাৰ কৰি আৰক্ষী বিষয়া হোৱা বহুতেই এতিয়া ৰঙা ঘৰৰ ভাত খাই আছে। শেহতীয়াকৈ যোৱা ১৯ জুলাইত কেলেংকাৰিটোত জড়িত বুলি সন্দেহ কৰা ১৯জন ৰাজপত্ৰিত বিষয়াৰ হস্তাক্ষৰ পৰীক্ষা লোৱাৰ লগতে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰিছিল তদন্তকাৰী আৰক্ষীয়ে।

আনহাতে কবিতা দাস নামৰ এগৰাকী মহিলা আৰক্ষী বিষয়াও এতিয়া তদন্তকাৰী আৰক্ষীৰ সন্দেহৰ আওতাত আছে। কবিতা দাসে যোৱা ২৫ মে’তে নিজৰ হস্তাক্ষৰ পৰীক্ষা দিছিল।

বিশেষ সূত্ৰই জনোৱামতে, দিচপুৰৰ প্ৰভাৱশালী চক্ৰৰ সৈতে সুসম্পৰ্ক থকাৰ সুবাদতেই আৰক্ষী বিষয়াগৰাকীৰ প্ৰতি নৰম স্থিতি লৈছে তদন্তকাৰী আৰক্ষীয়ে।

কিন্তু শেহতীয়াকৈ গতি বৰ সুচল দেখা নাই ডি এছ পি কবিতা দাসে। ফলত যোৱা কেইবা দিনো ধৰি কৰ্তব্যত অনুপস্থিত আছে কবিতা। কেৱল সেয়ে নহয়, কবিতাৰ অৱস্থান এতিয়া কোনেও নাজানে। তেওঁৰ ম’বাইলটোও ছুইচ্ছ‌ড অফ আছে যোৱা কেইবাদিনো ধৰি।

চোৰ-ডকাইত-অপৰাধী ধৰা, আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব এৰি এইদৰে কোনো বিভাগীয় ছুটী অবিহনেই বিষয়াগৰাকী নাপাত্তা হোৱা কথাটোৱে সন্দেহ ঘনীভূত কৰি তুলিছে।