চৰকাৰী আচঁনিয়ে ঢুকি নোপোৱা এহাল বৃদ্ধ দম্পতীৰ কৰুণ গাথা

বৃদ্ধ দম্পতীৰ কৰুণ গাথা

নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অধীনৰ নিজ চলচলি গাওঁ পঞ্চায়তৰ ব্ৰাহ্মণ গাৱঁৰ বাসিন্দা জয় চন্দ্ৰ শৰ্মা। ১৯২৯ চনত জন্মগ্ৰহণ কৰা এইজন ৮৯ বছৰীয়া বৃদ্ধ  পত্নীসহ এখন টিঙৰ চালিৰ তলত ৩০ বছৰৰো অধিক কাল জীৱন নিৰ্বাহ কৰিব লগা হৈছে।

চৰকাৰী কোনোধৰণৰ আঁচনিৰ পৰা উপকৃত নোহোৱা এইজন বৃদ্ধই পত্নীসহ ৮ ফুট বহল আৰু ১০ ফুট দীঘল এখন টিঙৰ চালিৰ তলত অতি কষ্টকৰ জীৱন অতিবাহিত কৰাটো পঞ্চায়ত প্ৰতিনিধি বা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ চকু নপৰাটো অত্যন্ত পৰিতাপৰ বিষয় হিচাবে পৰিগণিত হৈছে।

চৰকাৰী আৱাস যোজনা, বিনামূলীয়া বিদ্যুত যোগান, সুলভ মূল্যৰ ৰন্ধন গেছকে ধৰি কোনো আঁচনিৰ পৰা উপকৃত নোহোৱা বিষয়টো স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও এইসকলক উপঢৌকন দিব নোৱাৰাৰ বাবেই হয়তো কোনো চৰকাৰী আচঁনিয়ে সামৰি লব পৰা নাই এইহাল বৃদ্ধ দম্পতীক।

বুধবাৰে সাংবাদিকৰ এটা দলে বৃদ্ধ দম্পতীৰ ঘৰত উপস্থিত হোৱা সময়ত দম্পতীহালে তেওঁলোকৰ জীৱনৰ কৰুণ কাহিনী বৰ্ণনা কৰে। জীৱনৰ সৰহ সময় সামাজিক কাম কৰি বৰ্তমান প্ৰায় পাঁচ বছৰ ধৰি শাৰীৰিক কাৰণত এই কামৰ পৰাও অব্যাহতি লোৱা জয়চন্দ্ৰ শৰ্মাই এতিয়া এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিব লগাৰ কথা উল্লেখ কৰে।

নিজৰ একমাত্ৰ কন্যাক বিয়া দিয়াৰ পিছৰে পৰা অকলশৰীয়া হৈ পৰা বৃদ্ধ দম্পতীহালে অন্ত্যোদয়া আচঁনিৰ পৰা পোৱা চাউলৰ কিছু অংশ বিক্ৰী কৰি তেল, নিমখৰ খৰচ যোগাৰ কৰিব লগা হয়। ইফালে এই দম্পতীহালৰ দুৰৱস্থা সৰ্ম্পকে বঢ়মপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মুকিবুৰ ৰহমানক জনোৱা হৈছিল যদিও এই গৰাকী বিষয়াই দম্পতীহালৰ দুৰৱস্থাৰ বুজ ল’বলৈ আহৰিকে নাপালে।

হাবি,জংঘলৰ মাজত টিঙৰ চালিত বাস কৰা দম্পতীহালে বতাহ ,বৰষুণ আহিলে উজাগৰী নিশা কটাব লগা হয়।বৰ্তমান পৰিবৰ্তনকামী চৰকাৰখন গঠন হোৱাৰ পিছত এইহাল দম্পতীয়ে তেওঁলোকৰ দুৰ্বিসহ বৃদ্ধ জীৱনৰ পৰা কিছু পৰিমানে হলেও উপশম পাব বুলি আশা কৰিছিল যদিও সেই আশা ,আশা হৈয়ে ৰৈ গ’ল।

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতি অনুৰোধ জনাই এই বৃদ্ধ দম্পতীহালে কয়, আমি তেওঁৰ জৰিয়তে বৃদ্ধ বয়সত এটা আৱাসগৃহ পালে নথৈ সুখী হম। নহ’লে স্থানীয় পঞ্চায়ত প্ৰতিনিধি বা আন বিষয়াই তেওঁলোকৰ এই দুৰৱস্থা বুজি নাপায়।‘

চৰকাৰী আবাসগৃহকে ধৰি সকলো আঁচনিৰ জৰিয়তে দম্পতীহালক উপকৃত কৰিবলৈ স্থানীয় লোকেও নগাঁও জিলা উপায়ুক্তৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।