চৰকাৰী পিয়লত বিস্ফোৰক তথ্য : অসমতে কমিছে অসমীয়া, বড়ো, ৰাভাভাষী; বৃদ্ধি বাংলা, হিন্দীভাষী

census 2011

ফট’ এন ই যাইনৰ সৌজন্যত

অসমৰ সৰ্বমুঠ জনসংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে অসমতে হ্ৰাস পাইছে অসমীয়া, বড়ো, ৰাভা, চাওতালভাষীৰ সংখ্যা। কিন্তু ইয়াৰ বিপৰীতে অসমত বাঢ়িছে বাংলাভাষী আৰু হিন্দীভাষীৰ সংখ্যা।

তাতোতকৈও উদ্বেগজনক কথা হ’ল এই তথ্য ২০১১ চনৰ লোকপিয়লৰে। এদশক পিছত এতিয়া কিমান হ’লগৈ এই সংখ্যা সেয়া এতিয়াও জানিব পৰা হোৱা নাই! ২০০১ৰপৰা ২০১১ চনলৈকে দশকটোৰ ভাৰত চৰকাৰী লোকপিয়ল কৰ্তৃপক্ষই প্ৰকাশ কৰা ভাষা আৰু মাতৃভাষা তথ্য এয়া।

লোকপিয়লৰ তথ্যৰ আধাৰত এন ই জাইন (nezine.com) নামৰ নিউজ প’ৰ্টেলটোৰ বাবে সাংবাদিক সুশান্ত তালুকদাৰে যুগুতোৱা প্ৰতিবেদনত কোৱা হৈছে ‘পৰিসংখ্যাই http://www.censusindia.gov.in/2011Census/C-16_25062018_NEW.pdf দেখুৱাইছে যে, অসমীয়া ভাষা কোৱা লোকৰ শতকৰা হাৰ ২০০১ চনৰ ৪৮.৮০ ৰ পৰা ২০১১ চনত ৪৮.৩৮ লৈ হ্ৰাস পাইছে। সেইদৰে বাংলাভাষা কোৱা লোকৰ শতকৰা হাৰ ২০০১ চনৰ ২৭.৫৪ শতাংশৰপৰা ২৯.৯১ শতাংশলৈ বৃদ্ধি পাইছে। বড়ো ভাষা কোৱা লোকৰ শতকৰা হাৰ ২০০১ চনৰ ৪.৮৬ ৰপৰা ২০১১ চনত ৪.৫৩ শতাংশলৈ কমি আহিছে। হিন্দীভাষী লোকৰ সংখ্যা ২০০১ চনৰ ৫.৮৯শতাংশৰপৰা ২০১১ চনত ৬.৭৩ শতাংশলৈ বৃদ্ধি পাইছে।’

উল্লেখযোগ্য যে ১৯৯১ চনৰ লোকপিয়লত অসমীয়াভাষী লোকৰ শতকৰা হাৰ আছিল ৫৭.৮১ আৰু বাংলাভাষী লোকৰ শতকৰা হাৰ আছিল ২১.৬৭।

অকল ৰাভাভাষীৰে সংখ্যা ১৫.০৪ শতাংশ হ্ৰাস পাইছে আৰু ২০০১ চনৰ ১,৬৪,৭৭০ গৰাকীৰপৰা ২০১১ত ১,৩৯,০৮৫ গৰাকী হৈছে। চাওতালী ভাষা কোৱা লোকৰ সংখ্যা ২০০১ ৰ ২,৪২,৮৮৬ৰপৰা ২০১১ চনত ২,১৩,১৩৯লৈ কমি আহিছে।

পৰিসংখ্যাটোৰ মতে ২০১১ চনৰ অসমৰ সৰ্বমুঠ জনসংখ্যা ৩১,২০৫,৫৭৬ গৰাকীৰ ভিতৰত অসমীয়াভাষী ১৫,০৯৫,৭৯৭ জন, বাংলাভাষী ৯,০২৪,৩২৪ জন, বড়োভাষী ১৪,১৬,১২৫ জন আৰু হিন্দীভাষী ২১,০১,৪৩৫ জন। এই পৰিসংখ্যা ২০০১ চনৰ পিয়লত আছিল– অসমীয়া ১৩,০১০,৪৭৮ জন, বাংলাভাষী ৭৩,৪৩,৩৩৮ জন, বড়ো ১,১৯,৯৬৩ জন আৰু হিন্দীভাষী ৫,৩১,৭৭৩ জন।

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ আন কেইটামান ভাষা কোৱা লোকৰ সংখ্যা এনেধৰণৰ :

ভাষা অসম ভাৰত
মিছিং ৬,১৯,১৯৭ ৬,২৯,৯৫৪
কাৰ্বি ৫,১১,৭৩২ ৫,২৮,৫০৩
ডিমাচা ১,৩১,৪৭৪ ১,৩৭,১৮৪
ৰাভা ১,০১,৭৫২ ১,৩৯,০৮৬
তিৱা(২০১১ পিয়লত লালুং বুলি উল্লেখিত) ৩১,৮২১ ৩৩,৯২১
দেউৰী ২৭,৪৪১ ৩২,৩৭৬

 

২০০১ চনৰ পিয়ল অনুসৰি অসমত এই ভাষীসকলৰ সংখ্যা আছিল এনেধৰণৰ – মিছিং- ৫,১৭,১৭০, কাৰ্বি – ৪.০৬,১৬০, ডিমাচা -১.০৮,১৩৩, ৰাভা – ১,৩০,৮৭৫, তিৱা – ২৬,৪৮০, দেউৰী – ২৩,৩৬৬ জন।