দুয়োটা দলে প্ৰাক-নিৰ্বাচনী মিত্ৰতা কৰি ত্ৰিপুৰাত চৰকাৰ গঠন কৰাৰ দুদিন পিছতে মৰ্চাৰ দুই অংশীদাৰী দল ভাৰতীয় জনতা পাৰ্টী আৰু ইণ্ডিজিনিয়াছ পিপলছ ফ্ৰণ্ট অব ত্ৰিপুৰা, চমুকৈ আইপিএফটিৰ সমৰ্থকৰ মাজত ৮ মে’ত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এই সংঘৰ্ষৰ ফলত ২৩জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।
জানিব পৰামতে, লংথাৰাইস্থিত চাইলেংথা চি আৰ পি এফ কেম্পৰ সমীপত দুয়োটা দলৰ সমৰ্থকৰ মাজত প্ৰথমে বাক-বিতণ্ডা হয় আৰু ই চৰম পৰ্যায়লৈ গৈ শেষত দুয়োটা দলৰে সমৰ্থক মাৰপিটত লিপ্ত হয়।
এটা সূত্ৰই কোৱামতে, মঙলবাৰে দুপৰীয়া হঠাৎ আইপিএফটিৰ কৰ্মীসকলে চাওমানু-মাইনামা পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে আৰু এই কাৰ্যতে বিজেপিৰ সমৰ্থকসকল অসন্তুষ্ট হৈ পৰাত উক্ত উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়।
চাওমানু বিধানসভা সমষ্টিৰ বিধায়ক তথা বিজেপি দলে আইপিএফটিৰ সাংগঠিনক কামত বাধাৰ সৃষ্টি কৰি অহাৰ লগতে তেওঁলোকৰ সমস্যা সমাধান নকৰাৰ অভিযোগ তুলি কালি আইপিএফটিৰ সমৰ্থকসকলে উক্ত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল।
দলটোৰ শতাধিক সমৰ্থকে পথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে চাওমানু সমষ্টিৰ বিজেপি বিধায়ক চম্বু লাল চাকমাই আমি সন্মুখীন হৈ অহা সমস্যা সমূহৰ বুজ ল’ব লাগে। কিন্তু তেওঁ এই ক্ষেত্ৰত এতিয়ালৈ কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই।
ইফালে আইপিএফটি সমৰ্থকৰ পথ অৱৰোধত অঞ্চলটোৰ জনজীৱন স্তব্ধ হৈ পৰা বাবে প্ৰতিবাদকাৰীসকলক অৱৰোধ কাৰ্যসূচী বাতিল কৰিবলৈ আহ্বান জনোৱাৰ উদ্দেশ্যে আইপিএফটিৰ এগৰাকী বিধায়কো প্ৰতিবাদস্থলীত উপস্থিত হৈছিল।
ইয়াৰ উপৰি আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াও পথ অৱৰোধস্থলীত উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণত অনাৰ চেষ্টা কৰে।
অৱশেষত আইপিএফটিৰ বিধায়ক আৰু প্ৰশাসনৰ আশ্বাসৰ পাছতে প্ৰতিবাদকাৰীসকলে অৱৰোধ কাৰ্যসূচী বাতিল কৰিবলৈ সিদ্ধান্ত লয়।
লক্ষ্যণীয় যে অৱৰোধ কাৰ্যসূচী বাতিলৰ কেই মূহুৰ্তমান পাছতে চি আৰ পি এফ কেম্পৰ সমীপতে ভয়ংকৰ সংঘৰ্ষত লিপ্ত হয় বিজেপি আৰু আইপিএফটিৰ সমৰ্থকসকল।
দুই দলৰ সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষত আঘাতপ্ৰাপ্ত ১১ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
মন কৰিব লগীয়া যে চৰকাৰ গঠনৰ পাছৰ পৰাই দল দুটাৰ মাজত সংঘাত চলি আহিছিল। দল দুটাৰ শীৰ্ষ নেতাসকলৰ মাজতো এই বিবাদ থকাৰ উমান পোৱা যায়। প্ৰাক নিৰ্বাচনী মিত্ৰতাৰ মাজেৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱা আৰু শাসন লাভ কৰা বিজেপি আৰু আই পি এফ টি দলৰ মাজত সংঘাত আৰম্ভ হৈছিল প্ৰথমৰ পৰা। আই পি এফ টিয়ে মুখ্য মন্ত্ৰী পদটো খিলঞ্জীয়া জনজাতীয় লোকক দিবলৈ অনুৰোধ কৰিছিল মিত্ৰ বিজেপিক। কিন্তু সেয়া মনা নাছিল বিজেপিয়ে। তাৰ পিছতো অন্যান্য বিষয়ত দুয়োটা দলৰ মাজত ভিতৰি সংঘাত চলি আহিছে।